মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়

প্ৰশিক্ষণ, আলোচনাচক্ৰ আৰু কৰ্মশালা

মালিসকলৰ কৌশল বিকাশ প্ৰশিক্ষণ

এইচ.এম.এন.ই.এইচ. আঁচনিৰ অধীনত ২০১৬-১৭ বৰ্ষত মালিসকলৰ কৌশল বিকাশ কাৰ্যসূচীৰ ২০০ ঘণ্টীয়াপ্ৰতিবেদন-

ভাৰত চৰকাৰৰ এইচ.এম.এন.ই.এইচ. আঁচনিৰ অধীনত আৰু অসম চৰকাৰৰ উদ্যান শস্য সংসাধন সঞ্চালকালয়ৰ উদ্যোগত মালিসকলৰ কৌশল বিকাশৰ উদ্দেশ্যে ২০০ ঘণ্টীয়া (৩০ দিনীয়া) প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয়। এই কাৰ্যসূচী অনুষ্ঠিত হয় ২০১৭ বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীৰ পৰা ২৯ মাৰ্চলৈ, কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত, অসম ক্ষুদ্ৰ কৃষকৰ কৃষি ব্যৱসায় সংঘৰ সহযোগত।

অসম কৃষি বিশ্ববিদ্যালয়, কাঁহিকুছিস্থিত চৌহদত অনুষ্ঠিত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অসম ক্ষুদ্ৰ কৃষক কৃষি ব্যৱসায় সংঘৰ সহকাৰী সঞ্চালক আৰু প্ৰৱন্ধক (ই.ডি) শ্ৰী প্ৰীতম বৰুৱাদেৱে, ২৮ ফেব্ৰুৱাৰী,২০১৭ তাৰিখে এই প্ৰশিক্ষণ কাৰ্যসূচীত ৰাজ্যখনৰ বিভিন্ন ঠাইৰ পৰা ৫০গৰাকী কৃষকে অংশগ্ৰহণ কৰে।

এমহীয়া এই প্ৰশিক্ষণৰ সময়ছোৱাত উদ্যানশস্য সম্পৰ্কীয় বিভিন্ন তাত্বিক, ব্যৱহাৰিক দিশসমূহ খৰচি মাৰি শিকোৱাৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰ আৰু এইচ.আৰ.এছ.ৰ বিশেষজ্ঞ আৰু আন আন চৰকাৰী বিষয়াসকলে ক্ষেত্ৰ অধ্যয়নৰ সময়ছোৱাত প্ৰশিক্ষণকাৰীসকলক শিক্ষা দান কৰে। এই প্ৰশিক্ষণৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৮,৬৮,৬০০ টকা ধাৰ্য কৰা হৈছিল।

প্ৰশিক্ষণৰ বিবিন্ন বিষয়সমূহ সন্নিৱিষ্ট কৰি এখনি প্ৰশিক্ষণ হাতপুথিও প্ৰকাশ কৰি উলিওৱা হয় আৰু অন্তিম দিনাখনি কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই এই পুথিখন উন্মোচন কৰে আৰু প্ৰশিক্ষাৰ্থীসকলৰ মাজত বিতৰণ কৰে। লগতে বাগিচাৰ যত্ন লোৱাৰ বাবে প্ৰয়োগ হোৱা ভিন্ন আহিলাৰ এটি টোপোলাও প্ৰশিক্ষাৰ্থীসকলক প্ৰদান কৰা হয়, যত গছৰ ডাল কলম কৰাৰ যুৰীয়া কটাৰী, হেডজ চিয়েৰ, পাহি কলম কৰা চুৰী, হাত বেলচা, ছিংগল ফৰ্ক, বহুগুণী ফৰ্ক আৰু খুৰপী ইত্যাদি সঁজুলি থাকে।

এই প্ৰশিক্ষণ কাৰ্যসূচীৰ ২৯ মাৰ্চ,২০১৭ৰ দিনাখন সফলভাৱে সমাপ্তি ঘটে আৰু লগতে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই কাৰ্যসূচীত উপস্থিত থাকে-

১. শ্ৰী অম্লান বৰুৱা, ভা.প্ৰ.সে., আয়ুক্ত আৰু সচিব, অসম চৰকাৰ

২. শ্ৰীমতী এচ.আই. ৰচিদ, ভা.প্ৰ.সে., আয়ুক্ত আৰু সচিব, অসম চৰকাৰ, কৃষি বিভাগৰ সচিব

৩. কে. এম. বুজৰবৰুৱা, উপাচাৰ্য, অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট

৪. শ্ৰী মনজিত তালুকদাৰ, যুটীয়া সঞ্চালক (বিপণন) আৰু মুখ্য কাৰ্যবাহী বিষয়া, অসম ক্ষুদ্ৰ কৃষক কৃষি ব্যৱসায় সংঘ

৫. ধীৰেন কলিতা, অনুষ্ঠান সমন্বয়ক, কৃষি বিজ্ঞান কেন্দ্ৰ, কাঁহিকুছি

৬. শৰত্ শইকীয়া, মুখ্য বিজ্ঞানী, এইচ.আৰ.এচ, কাঁহিকুছি

৭. শ্ৰী মৌচম হাজৰিকা, সহকাৰী সঞ্চালক, (উদ্যানশস্য)

এই প্ৰশিক্ষণ সফলভাৱে সম্পন্ন কৰাৰ বাবে প্ৰশিক্ষণকাৰীসকলক একোখনকৈ প্ৰমাণ-পত্ৰ প্ৰদান কৰা হয়।

Downloads
TitleSizeDetail
PDF icon List of Trainee of Gardeners' Training39.36 KBswf-image