মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়

পি.এম.কে.এছ.ৱাই (প্ৰতি টোপালেৰে অধিক উত্পাদন)

  • কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাত আৰম্ঊ হোৱা প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনা, ক্ষুদ্ৰ জলসিঞ্চন আঁচনি, প্ৰতিটোটোপালেৰে অধিক উত্পাদন।

    অৱলোকন

    কৃষকসকলৰমাজত খেতিত ব্যৱহাৰ হোৱা পানীৰ উচিত আৰু সঠিক ব্যৱহাৰ আৰু কৃষিকাৰ্যত ব্যৱহৃত পানীৰ ক্ষেত্ৰত উন্নত প্ৰযুক্তিৰ ব্যৱহাৰক উদগণি যোগোৱাৰ উদ্দেশ্যে ক্ষুদ্ৰ জলসিঞ্চন ব্যৱস্থাৰ আঁচনিৰ অধীনত এই আঁচনি প্ৰস্তুত কৰি উলিওৱা হৈছে। আঁচনিখন কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাত আৰম্ভ হৈছে আৰু ইয়াৰ সহায়ত কৃষিকৰ্মত ব্যৱহৃত পানীৰ পৰিমাণ আৰু অপচয় হ্ৰাস কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

    ২০০৬ বৰ্ষত ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰণালয়ে কৃষি আৰু সহযোগ বিভাগৰ অধীনত এই আঁচনিখনৰ শুভাৰম্ভ কৰে। ২০১০ বৰ্ষত এই আঁচনিখনক ৰাষ্ট্ৰীয় অভিযানক্ষুদ্ৰ জলসিঞ্চন নাম দি ২০১৩-১৪ বৰ্ষলৈ কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাত চলোৱা হয়।

    ২০১৪ বৰ্ষৰ এপ্ৰিল মাহৰ প্ৰথম তাৰিখৰ পৰা এই আঁচনিখনক ৰাষ্ট্ৰীয় বহনক্ষম কৃষি অভিযানৰ অন্তৰ্ভুক্ত কৰি পাম জল প্ৰৱন্ধনৰ অধীনত ২০১৪-১৫ বিত্তীয় বৰ্ষত কাৰ্যকৰী কৰা হয়।

    ২০১৫ বৰ্ষৰ পহিলা এপ্ৰিলৰ পৰা ক্ষুদ্ৰ জলসিঞ্চনৰ অধীনত আঁচনিখনক প্ৰধানমন্ত্ৰী কৃষি ক্ষুদ্ৰ জলসিঞ্চনৰ অন্তৰ্ভুক্ত কৰা হয়। সেই বৰ্ষৰে পৰা এতিয়ালৈকে আঁচনিখনক কেন্দ্ৰীয় চৰকাৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত কাৰ্যকৰী কৰি থকা হৈছে।

    আঁচনিখনৰ আসোঁৱাহসমূহ

    এই আঁচনিখন অসমত ২০১৪-১৫ বৰ্ষৰ পৰা কাৰ্যকৰী হৈ থকাৰ পাছতো আৰু ৰাজ্যৰ কৃষকসকলৰ মাজত ক্ষুদ্ৰ জলসিঞ্চনত প্ৰচুৰ চাহিদা থকাৰ পাছতো কিন্তু অসমত আঁচনিখনে ফলপ্ৰসূ সঁহাৰি লাভ কৰিবলৈ অসমৰ্থ হৈছে। ইয়াৰ কাৰণ হৈছে, আঁচনিখনে কৃষকক ৬০ শতাংশ আৰু ৪০ শতাংশ অনুপাতত সাহায্য আগবঢ়ায়। যত ৬০ শতাংশ আৰ্থিক সাহায্য কেন্দ্ৰীয় চৰকাৰে বহন কৰে আৰু বাকী ৪০ শতাংশ বহন কৰিব কৃষকে। ৰাজ্যখনত থকা কৃষকসকল যিহেতু আৰ্থিকভাৱে সৱল নহয়, সেয়েহে তেওঁলোকে এই ৪০ শতাংশ ব্যয় বহন কৰিব নোৱাৰে।

    আঁচনিখনৰ সৱল দিশ

    ক্ষুদ্ৰ জলসিঞ্চন ব্যৱস্থাই ক্ৰমান্বয়ে দেশৰ বিভিন্ন স্থানত কৃষকসকলৰ পৰা সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। যিহেতুকে এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলে কৃষিকৰ্মত উচিত আৰু প্ৰয়োজনীয় পৰিমাণৰ পানীৰ যোগান ধৰি কৃষিত ব্যৱহৃত সাৰৰ জৰিয়তে অধিক উত্পাদন কৰিবলৈ সক্ষম হৈছে। নিম্নোল্লেখিত তালিকাত বিভিন্ন ধৰণৰ জলসিঞ্চনৰ পদ্ধতিৰ কাৰ্যকাৰিতা দেখুওৱা হৈছে-

    জলসিঞ্চনৰ কাৰ্যকাৰিতাসমূহজলসিঞ্চনৰ পদ্ধতি
    ধৰাতলছটিওৱাটোপাল
    বহন দক্ষতা (শতাংশ)৪০-৫০ (নলী) ৬০-৭০ (কুঁৱা)১০০১০০
    প্ৰয়োগ দক্ষতা (শতাংশ)৬০-৭০৭০-৮০৯০
    ধৰাতলৰ পানীৰ বাষ্পীভৱন (শতাংশ)৩০-৪০৩০-৪০২০-২৫
    সামগ্ৰিক দক্ষতা (শতাংশ)৩০-৩৫৫০-৬০৮০-৯০

    সময়ৰ আহ্বান

    ৰাজ্যখনত মৌচুমীৰ পশ্চাত্ আৰু মৌচুমীৰ পূৰ্বৰ সময়ছোৱা হৈছে অক্টোবৰৰ পৰা মাৰ্চ মাহ। এই সময়ছোৱাত ৰাজ্যখনৰ খেতিয়কসকলৰ কৃষিত জলসিঞ্চনৰ প্ৰয়োজন হয়। এই সময়ছোৱাত ৰাজ্যৰ খেতিয়কসকলে বিভিন্ন ৰবি শস্য, তৈল জাতীয় শস্য, মাহজাতীয় শস্য, আহু ধানৰ খেতি, বিভিন্ন ফুল আদিৰ খেতি কৰে। শস্য দুবাৰ বা তিনিবাৰ চপোৱাৰ বাবে এই সময়ছোৱাত খেতিয়কক যথেষ্ট পৰিমাণৰ জলসিঞ্চনৰ প্ৰয়োজন হয়। এতিয়াও আওপুৰণি মাধ্যমত খেতিত পানী যোগান ধৰি থকাৰ ফলত কৃষিকৰ্মত প্ৰয়োজনীয় বা যোগান ধৰা প্ৰায় ৫০-৬০ শতাংশ পানীৰেই অপচয় হয়। ক্ষুদ্ৰ জলসিঞ্চন ব্যৱস্থাই কৃষিকৰ্মত প্ৰয়োজনীয় পানীৰ এই অপচয় হ্ৰাস কৰে আৰু খেতিৰ উত্পাদন বৃদ্ধিত সহায় কৰে। যদিও এই ব্যৱস্থা প্ৰাৰম্ভিক স্তৰত তথাপিও ইয়াৰ বহুল প্ৰয়োগে খেতিৰ অন্যান্য অপচয় আৰু ব্যয় হ্ৰাস কৰাত সহায়ক হয়। এই গুৰুত্ব উপলব্ধি কৰিয়েই ৰাজ্যৰ উদ্যানশস্য সঞ্চালকালয়ে কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিক ৰাজ্যখনৰ কৃষকসকলৰ বাবে প্ৰধানমন্ত্ৰী কৃষি ক্ষুদ্ৰ জলসিঞ্চন আঁচনিৰ অধীনত কাৰ্যকৰী কৰিছে, যাৰ উদ্দেশ্য হৈছে প্ৰতিটো টোপালতে অধিক উত্পাদন।

    Downloads
    পি.এম.কে.এছ.ৱাই (প্ৰতি টোপালেৰে অধিক উত্পাদন)
    TitleSizeDetail
    Operational Guideline of Micro Irrigation (PDMC) under PMKSY4.12 MBswf-image