মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়

কৃষি বস্ত্ৰৰ কাৰণে এছ.এ.এছ.এম.আই.আৰ.এ. আঁচনি

  • নতুন দিল্লীস্থিত ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ দ্বাৰা এছ.এ.এছ.এম.আই.আৰ.এ. (দি চিনথেটিক এণ্ড আৰ্ট চিল্ক মিলছ্, ৰিচাৰ্ছ এচোচিয়েছন) কৃষি প্ৰযুক্তিৰ কাৰণে উত্কৃষ্ট কেন্দ্ৰ, মুম্বাইৰ সমন্বয়ত উত্তৰ পূৰ্বাঞ্চলত কৃষি বস্ত্ৰ ব্যৱহাৰৰ প্ৰচাৰৰ কাৰণে আঁচনি।

    পাতনি

    যদিও অসমত প্ৰচুৰ পৰিমাণে উদ্যান শস্য যেনে- শাক-পাচলি, ফুল আদি ব্যাপকভাৱে উত্পাদিত হয়, তথাপিও কৃষকসকলে উচিত মূল্য নাপায় কিয়নো বিপণনৰ সুবিধাৰ অভাৱ, সংগ্ৰহৰ সুবিধা আৰু বিভিন্ন বৈচিত্ৰ্যপূৰ্ণ জলবায়ু অৱস্থাৰ কাৰণে এই উত্পাদনসমূহৰ গুণগত মান নিম্ন হয়। কিন্তু প্ৰতিৰক্ষামূলক কৃষি কাৰ্যৰ জৰিয়তে উত্পাদনৰ মান উন্নত কৰিব পাৰি আৰু কৃষকসকলেও বেছি উপাৰ্জন কৰিব পাৰে কিয়নো ইয়াৰ সহায়ত শস্যত সূৰ্যৰ ৰশ্মিৰ পৰা হোৱা ক্ষতি হ্ৰাস হয় আৰু জলসিঞ্চন পানীৰ বাষ্পীভৱন ক্ষতিৰ লগতে চৰাই আৰু কীট-পতংগৰ ক্ষয়ক্ষতি হ্ৰাস পায়।

    কৃষি-বস্ত্ৰক কৃষি, উদ্যানশস্য় আৰু অন্যান্য ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় যাতে শস্য উত্পাদনত পৰিবেশগত আৰু জলবায়ু কাৰকসমূহৰ অনিশ্চিত প্ৰভাৱক নিয়ন্ত্ৰিত কৰিব পৰা যায়, পুষ্টিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰা আৰু পিছত শস্য প্ৰৱন্ধনৰ প্ৰক্ৰিয়াত সহায়ক হয়। কৃষি, উদ্যান শস্য, ফুলৰ খেতি আৰু অন্যান্য সংযোগী কাৰ্যকলাপত কৃষি-বস্ত্ৰৰ ব্যৱহাৰৰ বৃদ্ধি আৰু প্ৰচাৰৰ কাৰণে ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ে উত্তৰ পূৰ্বাঞ্চলত কৃষি-বস্ত্ৰ ব্যৱহাৰৰ প্ৰচাৰৰ কাৰণে দুটা উপাদানেৰে সৈতে এখন আঁচনি প্ৰস্তুত কৰে।

    আঁচনিখনৰ উপাদানসমূহ

    (১)এছ.এ.এছ.এম.আই.আৰ.এ. আঁচনিৰ চি.অ.ই.ৰ দ্বাৰা সজাগতা সৃষ্টি আৰু প্ৰদৰ্শনী কেন্দ্ৰ স্থাপন। এছ.এ.এছ.এম.আই.আৰ.এ.ৰ তত্বাৱধানত এই উপাদানৰ অধীনত ৰাজ্যখনত ইতিমধ্যে চাৰিটা প্ৰদৰ্শনী কেন্দ্ৰ স্থাপন কৰা হৈছে।

    (২) হিতাধিকাৰীসকললৈ কৃষি-বস্ত্ৰ কিটৰ বিতৰণ।

    এই উপাদানৰ অধীনত ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ে হিতাধিকাৰীসকলক ৯০ শতাংশ ৰাজসাহায্যৰ জৰিয়তে কৃষি-বস্ত্ৰ কিট যোগান ধৰিছে আৰু বাকী ১০ শতাংশ হিতাধিকাৰীসকলে নিজেই বহন কৰিব লাগে। একোজন হিতাধিকাৰীয়ে সৰ্বোচ্চ ৫ লাখ টকাৰে উপকৃত হব পাৰে। এই কৃষি-বস্ত্ৰ কিটত অন্তৰ্ভুক্ত কৰা হৈছে ছেদ নেট হাউছ, শস্য আচ্ছাদন, গ্ৰাউণ্ড কভাৰ, কেঁচু সাৰ বেড, পুখুৰী লাইনিং, শিলাবৃষ্টি প্ৰতিৰোধী নেট, চৰাই প্ৰতিৰোধী নেট আদি। কৃষকসকলে কৃষি-বস্ত্ৰ কিটৰ অধীনত এই উপাদানসমূহৰ পৰা যিকোনো পচন্দৰ মিশ্ৰণ পচন্দ কৰি লব পাৰে। কৃষি বস্ত্ৰ কিটত হিতাধিকাৰীসকলে বহন কৰা ১০ শতাংশ খৰচৰ সমৰ্থনৰ কাৰণে এ.এম.চি.ৰ দ্বাৰা ৰাজ্য চৰকাৰৰ বিদ্যমান আঁচনিৰ লগত সামঞ্জস্য বজাই ৰখাৰ কথা বিবেচনা কৰিব পৰা যায়।

    ৰূপায়ণকাৰী সংস্থা

    বস্ত্ৰ আয়ুক্তৰ কাৰ্যালয়, মুম্বাই।

    বস্ত্ৰ আয়ুক্ত হৈছে মুখ্য বিষয়া আৰু ৰূপায়ণকাৰী সংস্থা।

    ৰাজ্যিক স্তৰৰ প্ৰকল্প পৰ্যবেক্ষণ আৰু ৰূপায়ণকাৰী সমিতি –

    এই সমিতিখন গঠিত হয় ৯-গৰাকী সদস্যৰে সৈতে কৃষি বিভাগ, অসম, দিছপুৰ, গুৱাহাটী-৬ৰ সচিবৰ অধ্যক্ষতাত। প্ৰকল্প পৰ্যবেক্ষণ আৰু ৰূপায়ণকাৰী সমিতিৰ প্ৰসঙ্গ নিৰ্দেশৰ চৰ্ত পৰিচালন নিৰ্দেশিকাত বিস্তাৰিতভাৱে নিৰ্দিষ্ট কৰা হৈছে। এই সমিতিত অন্যান্য সদস্যসকল তলত উল্লেখ কৰা ধৰণৰ-

    সচিব, উদ্যোগ আৰু বাণিজ্য বিভাগ, অসমসদস্য
    কাৰ্যবাহী সঞ্চালক, এছ.এ.এছ.এম.আই.আৰ.এ., চি.অ.ই, কৃষি-বস্ত্ৰসদস্য
    উদ্যানশস্য আৰু খাদ্য সংসাধনৰ সঞ্চালক, অসমসদস্য
    গৱেষণাৰ সঞ্চালক, অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটসদস্য
    সম্প্ৰসাৰণৰ সঞ্চালক, অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটসদস্য
    এ.ডি.অ./সংশ্লিষ্ট উদ্যানশস্য পামৰ পাম ভাৰপ্ৰাপ্তসদস্য
    শ্ৰী মহেশ্বৰ চৌধুৰী, সহকাৰী সঞ্চালক আৰু ভাৰপ্ৰাপ্ত বিষয়া, বস্ত্ৰ আয়ুক্তৰ আঞ্চলিক কাৰ্যালয়, কলকাতাসদস্য

    শীৰ্ষ নিৰীক্ষণ সমিতি (এ.এম.চি.)

    ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়, উদ্যোগ ভৱন, নতুন দিল্লী, কাৰিকৰী বস্ত্ৰৰ যুটীয়া সচিবৰ অধ্যক্ষতাত সাতগৰাকী সদস্যৰে সৈতে এই সমিতিখন গঠিত হৈছে। অন্যান্য সদস্যসকল নিৰ্দেশিকা অনুসৰি নিৰ্বাচিত হয়। এ.এম.চি. প্ৰসঙ্গ নিৰ্দেশৰ চৰ্ত পৰিচালন নিৰ্দেশিকাত বিস্তাৰিতভাৱে নিৰ্দিষ্ট কৰি দিয়া হৈছে।

    কৃষি বস্ত্ৰ কিট লাভ কৰাৰ প্ৰক্ৰিয়া

    কৃষি বস্ত্ৰ কিট লাভ কৰিবৰ কাৰণে এজন কৃষকে উদ্যান শস্যৰ খেতিত কৃষি- বস্ত্ৰৰ ব্যৱহাৰৰ ওপৰত প্ৰশিক্ষণ লব লাগিব, এই প্ৰশিক্ষণ কাৰ্য্যসূচী উদ্যান শস্য আৰু খাদ্য সংসাধনসঞ্চালকালয়, অসম আৰু অসমৰ কৃষি-বস্ত্ৰ প্ৰদৰ্শনী কেন্দ্ৰৰ সম্বন্বয়ত মুম্বাইৰ এছ.এ.এছ.এম.আই.আৰ.এ., চি অ ই, কৃষি-বস্ত্ৰৰ দ্বাৰা পৰিচালিত কৰা হয়। এই প্ৰশিক্ষণ কাৰ্য্যসূচী অসমৰ প্ৰদৰ্শনী কেন্দ্ৰত অনুষ্ঠিত কৰা হয়। তাৰপিছত কৃষকসকলে ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ দ্বাৰা নিৰ্দ্ধাৰিত বিন্যাসত আবেদন কৰিব লাগিব, যি আবেদনসমূহ প্ৰশিক্ষণ হল আৰু উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ত উপলব্ধ আৰু সঞ্চালকালয়ৰ আঁচনিৰ ৰাজ্যিক নোডাল বিষয়াৰ ওচৰত জমা দিব লাগিব। ইয়াৰ পিছত ৰাজ্যিক নোডাল বিষয়াই সেই আবেদন আৰু সম্বন্ধীয় নথিসমূহ প্ৰতিপাদন কৰিব আৰু নিৰ্বাচন কৰিবৰ কাৰণে মুম্বাইৰ এছ.এ.এছ.এম.আই.আৰ.এ., চি অ ই, কৃষি-বস্ত্ৰলৈ প্ৰেৰণ কৰিব যিসমূহ গুৱাহাটীৰ প্ৰকল্প নিৰীক্ষণ আৰু ৰূপায়ন কমিটিৰ বৈঠকত অনুমোদন জনাব। সকলোবোৰ আনুষ্ঠানিকতা পৰ্যবেক্ষণ কৰাৰ পাছত এছ.এ.এছ.এম.আই.আৰ.এ. য়ে অসমৰ কাৰণ নিৰ্দ্ধাৰিত পুঁজি বিধান অনুসৰি মঞ্জুৰী দিব।

    Downloads
    কৃষি বস্ত্ৰৰ কাৰণে এছ.এ.এছ.এম.আই.আৰ.এ. আঁচনি
    TitleSizeDetail
    Operational Guidelines413.65 KBswf-image
    Application format for beneficiary281.84 KBswf-image
    Application format for Demonstration Centre210.84 KBswf-image