মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়

নাৰিকলৰ উন্নয়ন আঁচনি

  • আমাৰ সমাজত নাৰিকলৰ ব্যৱহাৰ অতি প্ৰাচীন কালৰে পৰা খাদ্য হিচাপে আৰু সৌন্দৰ্য চৰ্চাত ব্যৱহাৰ হৈ আহিছে। ক্ৰান্তীয় আৰু উপ-ক্ৰান্তীয় অঞ্চলৰ লোকসকলৰ খাদ্যাভ্যাসত নাৰিকলৰ গুৰুত্ব অধিক। অন্য শস্যৰ তুলনাত নাৰিকলৰ খেতি আৰু ইয়াৰ গুৰুত্ব বেছি কাৰণ ইয়াৰ পানী আৰু ফলৰ বাবে। নাৰিকল যেতিয়া পুষ্ট হৈ পৰে তেতিয়া ইয়াৰ পৰা তেল প্ৰস্তুত কৰিব পৰা যায়, ইয়াৰ ডাঠ খোলাটোৰ পৰা কাঠ কয়লা প্ৰস্তুত কৰিব পৰা যায় আৰু ইয়াৰ বাকলিৰ পৰা আঁহ প্ৰস্তুত কৰিব পৰা যায়। তাৰোপৰি নাৰিকলৰ তেল আৰু নাৰিকলৰ পৰা পোৱা গাখীৰ খাদ্য প্ৰস্তুত আৰু চাবোন আৰু অন্যান্য সৌন্দৰ্যৰ সামগ্ৰী প্ৰস্তুতত ব্যৱহাৰ কৰা হয়। আমাৰ হিন্দু সমাজত নাৰিকলৰ সংস্কৃতি আৰু ধৰ্মীয় গুৰুত্ব মন কৰিবলগীয়া। অসমীয়া সমাজতো ইয়াৰ আদৰ অধিক। অসমীয়া মানহে বিহুত নাৰিকলৰ পৰা ভিন্ন খাদ্য প্ৰস্তুত কৰাৰ লগতে আন আন অনুষ্ঠানসমূহতো ইয়াৰ প্ৰচুৰ ব্যৱহাৰ কৰে।

    ভাৰতবৰ্ষৰ দক্ষিণৰ আৰু পশ্চিমবংগৰ সমুদ্ৰীয় অঞ্চলত ত্ৰিপুৰা আৰু অসমত নাৰিকলৰ খেতি হয়। ২০১৫-১৬ বৰ্ষৰ তথ্যানুসৰি ৰাজ্যখনত ২০৩৪০ হেক্টৰ ভূমিত নাৰিকলৰ খেতি কৰা হয় আৰু ইয়াৰ গছে প্ৰতি উত্পাদিত হোৱা নাৰিকলৰ সংখ্যা হৈছে ৫২টা। এই ক্ষেত্ৰত অৱশ্যে ৰাজ্যখনত গছে প্ৰতি উত্পাদিত নাৰিকলৰ সংখ্যা ৰাষ্ট্ৰীয় গড়তকৈ কিছু পৰিমাণে কম (ৰাষ্ট্ৰীয় গড় ৫৯টা) হোৱা দেখা যায়। ইয়াৰ কাৰম হৈছে পৰিচৰ্যাৰ অভাৱ আৰু প্ৰৱন্ধনৰ অভাৱ আৰু লগতে পুৰণি পদ্ধতিৰ প্ৰয়োগ।

    নাৰিকলৰ আঁচনিৰ বিষয়ে থোৰতে কিছু কথা

    ভাৰতৰ কোচিস্থিত নাৰিকল উন্নয়ন বোৰ্ডক সমগ্ৰ ভাৰততে এই আঁচনিখনৰ কাৰ্যকৰিতা চোৱাচিতা কৰাৰ দায়িত্ব ন্যস্ত কৰা হৈছে। এই বোৰ্ডে নাৰিকল খেতিৰ সৈতে জড়িত ব্যক্তিসকলক খাদ্য আৰু জীৱিকাৰ সুৰক্ষা প্ৰদান কৰি আহিছে আৰু অসমতো কাম কৰি আছে। অসমত কাৰ্যকৰী হৈ থকা নাৰিকল খেতি সম্পৰ্কীয় নিৰ্দেশাৱলীসমূহ বোৰ্ডে বান্ধি দিয়া ধৰণে পৰিচালিত হৈ আহিছে।

    ৰাজ্যখনত উদ্যানশস্য সঞ্চালকালয়ে, ২০১৬-১৭ বৰ্ষত বোৰ্ডৰ অধীনস্থ কেইবাখনো আঁচনিৰ ভিতৰত মাত্ৰ প্ৰদৰ্শন প্লটৰ বিশেষ আৰ্হি নক্সা নামৰ আঁচনিখনহে কাৰ্যকৰী কৰা হৈছে। এই আঁচনিৰ ব্যয় হৈছে ১৭৫ লাখ টকা, যাৰ অধীনত নাৰিকল খেতিত হোৱা বিভিন্ন ৰোগ আদি নিৰ্মূল কৰাৰ বাবে সংহত প্ৰৱন্ধন প্ৰচেষ্টাৰ জৰিয়তে প্ৰতি হেক্টৰ ভূমিৰ বাবদ বাৰ্ষিক দুটা কিস্তিত প্ৰায় ৩৫০০০ টকা ব্যয় সাপেক্ষে ১০০০ হেক্টৰ কৃষি ভূমি সামৰি লোৱাৰ পৰিকল্পনা কৰা হৈছে। এই আঁচনিৰ মুখ্য উদ্দেশ্য হৈছে যাতে অসমৰ এছ.চি.এছ.পি আৰু টি.এছ.পি কৃষকসকলে নাৰিকল খেতিত হোৱা ভিন্ন ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত উন্নত প্ৰযুক্তি আৰু ব্যৱস্থা গ্ৰহণ কৰি উপকৃত হব পাৰে।

    Downloads
    নাৰিকলৰ উন্নয়ন আঁচনি
    TitleSizeDetail
    AAP 2016-17 of Coconut Development Board Scheme309.83 KBswf-image
    Districtwise allotment of LODP under CDB scheme, 2016-17227.24 KBswf-image
    Districtwise Phy & Fin allotment under CDB scheme, 2016-17175.53 KBswf-image