মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়

প্ৰশিক্ষণ, আলোচনাচক্ৰ আৰু কৰ্মশালা

বৃহত্তৰ নইডাত কৃষকৰ বাবে প্ৰশিক্ষণ

উন্নত/অত্যাধুনিক উদ্যানশস্য কৃষি প্ৰণালীৰ ওপৰত অসমৰ কৃষকে বৃহত্তৰ নইডাস্থিত উদ্যানশস্য কাৰিকৰী প্ৰতিষ্ঠানত প্ৰশিক্ষণ লাভ কৰে।

ৰাজ্যখনৰ কেইবাগৰাকীও প্ৰগতিশীল কৃষক উদ্যান শস্যত অত্যাধুনিক প্ৰযুক্তিৰ প্ৰয়োগৰ দ্বাৰা উত্পাদন বৃদ্ধি সন্দৰ্ভত এটি সপ্তাহজোৰা প্ৰশিক্ষণ সমাপ্ত কৰে। ২-৮-২০১৭ৰ পৰা ১৪-৮-২০১৭লৈ সম্পন্ন হোৱা প্ৰশিক্ষণত ৰাজ্যখনৰ ৩৫গৰাকী কৃষক আৰু দুগৰাকী চৰকাৰী বিষয়াই প্ৰশিক্ষণ গ্ৰহণ কৰে, যত বিশেষজ্ঞ, বিজ্ঞানী আৰু উদ্যোগী ব্যক্তিয়ে প্ৰশিক্ষণ প্ৰদান কৰে। প্ৰশিক্ষণৰ সময়ছোৱাত কৃষকসকলে আধুনিক উদ্যান শস্যৰ বিভিন্ন পদ্ধতি যেনে- ড্ৰিপ জলসিঞ্চন, সাৰ প্ৰয়োগ, সংৰক্ষিত কৃষি প্ৰণালী, প্লাগ ট্ৰে নাৰ্চাৰী উত্পাদন, উচ্চ ঘনত্ব বৃক্ষৰোপণ আৰু অন্যান্য পদ্ধতি যেনে- কৃষি মাটিত সূৰ্য ৰশ্মিৰ প্ৰয়োগ, কেঁচু সাৰ প্ৰস্তুত আৰু অৰ্কিডৰ খেতি আদিৰ ওপৰত প্ৰচুৰ জ্ঞান লাভ কৰিবলৈ সক্ষম হয়। প্ৰশিক্ষণৰ সময়ছোৱাত প্ৰতিগৰাকী কৃষকে হাতে-কামে লাগি বিষয়বোৰ খৰচি মাৰি শিকাৰ সুবিধা পায়। কৃষকসকলক দিল্লীৰ বিভিন্ন অঞ্চল পৰিদৰ্শনৰ জৰিয়তে চাক্ষুক অভিজ্ঞতা অৰ্জনৰো সুবিধা প্ৰদান কৰা হয়। প্ৰশিক্ষণ সমাপ্তিৰ পিছত কৃষকসকল প্ৰশিক্ষণত অংশগ্ৰহণ কৰি সন্তুষ্টি প্ৰকাশ কৰে আৰু বহু নতুন কথা শিকাৰ সুবিধা লাভ কৰে।