মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়

উদ্যানশ্যৰ বিপণন আৰু গাঁথনি

উদ্যান শস্যৰ সংহত সম্প্ৰসাৰণ অভিযান (এম.আি.ডি.এইছ)ৰ অধীনত বজাৰ সৃষ্টিৰ পদ্ধতিগত সুফল-

আঁচনিখনৰ এই প্ৰভাগৰ জৰিয়তে আগবঢ়াব খোজা সহযোগিতাৰ মূল উদ্দেশ্য হল- (ক) উদ্যানশস্যৰ উত্পাদিত সামগ্ৰীৰ বিপণনৰ বাবে আন্তঃগাঁথনি নিৰ্মাণত ব্যক্তিগত খণ্ডৰ লগতে সমবায় খণ্ডৰ বিনিয়োগক উদগণি দিয়া, (খ) উদ্যানশস্যৰ বিপণনেৰে জড়িত হৈ থকা পাইকাৰী আৰু গ্ৰাম্য বজাৰসমূহকে ধৰি ইতিমধ্যে বৰ্তি থকা বিপণন ব্যৱস্থাটোক শক্তিশালী কৰা, (গ) পথাৰ/বজাৰ পৰ্যায়ত উদ্যানশস্য সামগ্ৰীৰ মান উত্তৰণ, স্তৰ নিৰূপণ তথা গুণমান প্ৰত্যায়িতকৰণত গুৰুত্ব প্ৰদান কৰি কৃষকসকলক অধিক মূল্য আদায়ৰ বাবে সামৰ্থ্য প্ৰদান কৰা, আৰু (ঘ) বজাৰ সম্পৰ্কীয় কৃষি পৰম্পৰাসমূহৰ সন্দৰ্ভত কৃষ, গ্ৰাহক, উদ্যোগী আৰু বিপণন কাৰ্যবাহীসমূহৰ মাজত সজাগতা সৃষ্টি কৰা।

আঁচনিখনৰ জৰিয়তে পাইকাৰী বজাৰ, গ্ৰামীণ বজাৰ/আপনি মণ্ডি তথা খুচুৰা বিপণী আদি স্থাপন কৰিব পৰাকৈ ৰাজসাহায্যৰ সুযোগ সম্বলিত ঋণ প্ৰদানেৰে সহযোগিতা আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে। অন্তিম পৰ্যায়ৰ বজাৰৰ ক্ষেত্ৰত পৃথকে ঘোষিত আৰু ৰাষ্ট্ৰীয় উদ্যানশস্য অভিযান (এন.এইচ.এম.)ৰ ৱেবছাইটত উল্লিখিত অনুমোদিত বিধি-ব্যৱস্থাৰ আধাৰত সহযোগিতা পুঁজি আগবঢ়োৱা হয়। সেইদৰে স্থায়ী/ভ্ৰাম্যমান বিপণী/শীতকৃত কক্ষ সম্বলিত মঞ্চ আদি নিৰ্মাণৰ বাবেও সহযোগিতা পুঁজি আবণ্টনৰ ব্যৱস্থা কৰা হৈছে। ইফালে কাৰ্যকৰী আন্তঃগাঁথনি নিৰ্মাণ কৰাৰ বাবেও ৰাজসাহায্যযুক্ত ঋণ দানৰ ব্যৱস্থা ৰখা হৈছে আঁচনিখনত।

অৱশ্যে যিসমূহ ৰাজ্য কিম্বা কেন্দ্ৰীয় শাসিত অঞ্চলে ৰাজ্যিক কৃষিজাত সামগ্ৰী বিপণন সমিতি (এ.পি.এম.চি)সমূহৰ বিধি-নিয়ম ইতিমধ্যে সংশোধন কৰি এই সংশোধনী অধিসূচিত কৰা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে সেইসমূহ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চললৈহে এনে সহযোগিতা পুঁজি যোগানৰ সুবিধা প্ৰদান কৰা হৈছে। ইয়াৰ বাবে সংশ্লিষ্টসকলে নিম্নোল্লিখিত পদক্ষেপসমূহ গ্ৰহম কৰিব লাগিব।

  • ব্যক্তিগত আৰু সমবায় খণ্ডত নতুন বজাৰৰ নিৰ্মাণ।
  • প্ৰত্যক্ষ বিপণন (পাইকাৰী ব্যৱসায়ী/খুচুৰা ব্যৱসায়ী গোট/সংসাধনকাৰী/ৰপ্তানিকাৰী/ব্যৱহাৰকাৰীয়ে উদ্যানশস্যজাত সামগ্ৰী প্ৰত্যক্ষভাৱে খেতিয়কৰ পৰাই সংগ্ৰহ কৰে।) (যদি এনে সামগ্ৰীৰ লেন-দেন বজাৰ চৌহদৰ বাহিৰত সম্পাদিত হয়, তেন্তে তেনে লেন-দেনৰ বাবে কোনো মাচুল সংগৃহীত হোৱা উচিত নহব।)
  • অনুজ্ঞাপত্ৰৰ আধাৰত বজাৰ চৌহদত এলেকা আবণ্টিত কৰাৰ দিহা কৰা।
  • ঠিকা-ভিত্তিক কৃষিৰ ব্যৱস্থা কৰা আৰু
  • সহজে নষ্ট হব পৰা উদ্যানশস্যজাত সামগ্ৰীৰ বজাৰ মাচুল ৰেহাই দিয়া।

আঁচনিখনৰ জৰিয়তে আগবঢ়োৱা সহযোগিতা পুঁজিৰ সুযোগ ব্যক্তিবিশেষৰ লগতে কৃষক/উত্পাদনকাৰী/গ্ৰাহক গোট, অংশীদাৰী /একক প্ৰতিষ্ঠান, আত্মসহায়ক গোট, কৃ।ক উত্পাদনকাৰী সংগঠন, প্ৰতিষ্ঠান, নিগম, সমবায়, সমবায় বিপণন মঞ্চ, স্থানীয় নিকায়, কৃষিজাত সামগ্ৰী বিপণন সমিতি তথা বিপণন পৰিষদ আৰু ৰাজ্য চৰকাৰসমূহৰ বাবেও উপলব্ধ হব।

প্ৰকল্পৰ আন্তঃগাঁথনিৰ বাবে প্ৰয়োজন হোৱা ভূমিৰ ব্যয়ৰ সীমা গ্ৰামাঞ্চলৰ ক্ষেত্ৰত ১৫ শতাংশ আৰু নগৰাঞ্চলৰ ক্ষেত্ৰত ২৫ শতাংশৰ ভিতৰত সীমাবদ্ধ ৰখা হৈছে। ঋণৰ ধন ওভতাই নিদিয়া পৰ্যন্ত কোনো উদ্যোগীয়ে সংশ্লিষ্ট মাটি ডোখৰ নিৰ্ধাৰিত প্ৰকল্পৰ ব্যৱহাৰৰ বাহিৰে আন কামত ব্যৱহাৰ কৰিব নোৱাৰিব। এই সন্দৰ্ভত সংশ্লিষ্ট উদ্যোগীৰ পৰা পৃথককৈ লোৱা এক প্ৰতিশ্ৰুতি বিস্তৃত প্ৰকল্প প্ৰতিবেদনত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজনীয়তা থাকিব। অৰ্থনৈতিক সম্ভাৱনীয়তা আৰু বাণিজ্যিক বাধ্যবাধকতাসমূহৰ আধাৰতহে প্ৰকল্প আকাৰ নিৰূপিত হব। গুণমান নিয়ন্ত্ৰণ/বিশ্লেষক পৰীক্ষাগাৰ স্থাপনৰ প্ৰসংগ অভিযানৰ অন্তৰ্ভুক্ত কৰা হৈছে, যত এনে পৰীক্ষাগাৰ স্থাপনৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি নিৰ্মাণ আৰু উদ্যানশস্যজাত সামগ্ৰীসমূহৰ গুণমানৰ পৰীক্ষণৰ লগতে আন্তঃৰাষ্ট্ৰীয় মাপকসমূহৰে (এম.আই.ডি.এইচ আঁচনিৰ নীতি-নিৰ্দেশনাৰ পঞ্চম অনুসূচিত উল্লিখিত)ইয়াৰ বিশ্লেষণ সম্পন্ন কৰিব পৰা দক্ষতাসম্পন্ন কৰ্মী নিয়োগ সম্ভৱ কৰিব পৰাকৈ সহযোগিতা আগবঢ়োৱাৰ ব্যৱস্থা ৰখা হৈছে।

সেইদৰে বাঁহৰ ক্ষেত, বাঁহ বজাৰ, গাঁৱৰ সমীপৱৰ্ত্তী এলেকাত বাঁহৰ পাইকাৰী, খুচুৰা বিপণন ক্ষেত্ৰ স্থাপনৰ লগতে খুচুৰা বিপণী স্থাপনৰ বাবেও সহযোগিতা পুঁজি আবণ্টনৰ দিহা ৰখা হৈছে। এম.আই.ডি.এইছ. আঁচনিৰ নীতি-নিৰ্দেশনাৰ ষষ্ঠ অনুসূচীত উল্লিখিত নিৰ্দেশনা আধাৰত এইসমূহ বজাৰ স্থাপন কৰিব লাগিব।

চৰকাৰী/ব্যক্তিগত/সমবায় খণ্ডত উদ্যান শস্যজাত সামগ্ৰীৰ বিপণনৰ বাবে আন্তঃগাঁথনি নিৰ্মাণ-

ক্ৰমিক নংপ্ৰভাগব্যয় মাত্ৰাসহযোগিতাৰ ধৰণ
অন্তিম পৰ্যায়ৰ বজাৰ১৫০ কোটি টকীয়া প্ৰকল্পপ্ৰতিযোগিতামূলক নিবিদা ব্যৱস্থাৰ জৰিয়তে সম্পাদিত ব্যক্তিগত আৰু চৰকাৰী খণ্ডৰ ২৫ শতাংশৰ পৰা ৪০ শতাংশ (৫০ কোটি টকাৰ মাজত) অংশীদাৰিত্ব ভিত্তিক তথা পৃথককৈ ঘোষিত বিধি-নিয়মৰ দ্বাৰা পৰিচালিত।
পাইকাৰী বজাৰ১০০ কোটি টকীয়া প্ৰকল্পসাধাৰণ এলেকাৰ ক্ষেত্ৰত প্ৰকল্পৰ মূলধনৰ ২৫ শতাংশ আৰু পাৰ্বত্য তথা অনুসূচীভুক্ত বিশেষ এলেকাৰ ক্ষেত্ৰত প্ৰতিগৰাকী হিতাধিকাৰীৰ বিপৰীতে ৩৩.৩৩ শতাংশ হাৰত ৰাজসাহায্যযুক্ত ঋণ সংলগ্ন। 
গ্ৰামীণ বজা/আপনি মণ্ডি/প্ৰত্যক্ষ বজাৰ২৫ লাখ টকাসাধাৰণ এলেকাৰ ক্ষেত্ৰত প্ৰকল্পৰ মূলধনৰ ৪০ শতাংশ আৰু পাৰ্বত্য তথা অনুসূচীভুক্ত বিশেষ এলেকাৰ ক্ষেত্ৰত প্ৰতিগৰাকী হিতাধিকাৰীৰ বিপৰীতে ৫৫ শতাংশ হাৰত ৰাজসাহায্যযুক্ত ঋণ সংলগ্ন।   
খুচুৰা বজাৰ/দোকান (প্ৰকৃতি নিয়ন্ত্ৰিত)১৫ লাখ টকীয়া গোটসাধাৰণ এলেকাৰ ক্ষেত্ৰত প্ৰকল্পৰ মূলধনৰ ৪০ শতাংশ আৰু পাৰ্বত্য তথা অনুসূচীভুক্ত বিশেষ এলেকাৰ ক্ষেত্ৰত প্ৰতিগৰাকী হিতাধিকাৰীৰ বিপৰীতে ৫০ শতাংশ হাৰত ৰাজসাহায্যযুক্ত ঋণ সংলগ্ন।   
স্থায়ী/ভ্ৰাম্যমান বিপণী/শীতলীকৃত কক্ষযুক্ত মঞ্চ৩০ টকীয়া গোটমুঠ ব্যয়ৰ ৫০ শতাংশ
কাৰ্যকৰী আন্তঃগাঁথনি
(ক) সংগ্ৰহ, সংৰক্ষণ/মাপন/বান্ধন গোট১৫ লাখ টকীয়াসাধাৰণ এলেকাৰ ক্ষেত্ৰত প্ৰকল্পৰ মূলধনৰ ৪০ শতাংশ আৰু পাৰ্বত্য তথা অনুসূচীভুক্ত বিশেষ এলেকাৰ ক্ষেত্ৰত প্ৰতিগৰাকী হিতাধিকাৰীৰ বিপৰীতে ৫৫ শতাংশ হাৰত ৰাজসাহায্যযুক্ত ঋণ সংলগ্ন।   
(খ) মান নিয়ন্ত্ৰণ/বিশ্লেষক পৰীক্ষাগাৰ২০০ লাখ টকাৰাজহুৱা খণ্ডৰ ক্ষেত্ৰত ১০০ শতাংশ আৰু ব্যক্তিগত খণ্ডৰ ক্ষেত্ৰত ৫০ শতাংশ হাৰৰ ৰাজসাহায্যযুক্ত ঋণ সংলগ্ন।
পাৰ্বত্য এলেকাৰ মধ্যাকৰ্ষণ পৰিচালিত ঋজু পথ১৫ লাখ/প্ৰতি কিলোমিটাৰপাৰ্যত্য জিলাৰ ক্ষেত্ৰত মূলধনৰ ৫০ শতাংশ ৰাজসাহায্যযুক্ত ঋণ সংলগ্ন