মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়

ক্ষুদ্ৰ জলসিঞ্চন

ক্ষুদ্ৰ জলসিঞ্চন পদ্ধতিৰ বাবে আবেদন কৰাৰ প্ৰক্ৰিয়া সন্দৰ্ভত অধিক তথ্য জানিব বিচাৰে নেকি?

এনে প্ৰকল্প স্থাপন কৰিব খোজা আবেদনকাৰীয়ে সংশ্লিষ্ট জিলাৰ জিলা কৃষি বিষয়াগৰাকীক সম্বোধন কৰি পোনতে বগা কাগজত লিখা এখন আবেদন কৰিব লাগিব। এনে আবেদন লাভ কৰাৰ পাছত সংশ্লিষ্ট জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা ৰাজ্য চৰকাৰে আগবঢ়োৱা সহযোগিতা আঁচনিৰ তথ্যপাতিৰ লগতে ক্ষুদ্ৰ জলসিঞ্চন প্ৰকল্পৰ বাবে প্ৰয়োজন হোৱা যন্ত্ৰপাতি, মূল্য তথা এনে যন্ত্ৰপাতি যোগান ধৰা আৰু চৰকাৰে অনুমোদন জনোৱা প্ৰতিষ্ঠানত যাৱতীয় তথ্য সম্বলিত পুস্তিকা আদি আবেদনকাৰীলৈ প্ৰেৰণ কৰে। আবেদনকাৰীয়ে এই তথ্যপাতি অধ্যয়ন কৰি নিজৰ পচন্দৰ প্ৰতিষ্ঠান নিৰ্বাচিত কৰি জিলা কৃষি বিষয়াৰ কাৰ্যালয়ক আনুষ্ঠানিকভাবে অৱগত কৰিলে পৰৱৰ্ত্তী পৰ্যায়ত প্ৰকল্পৰ বাবে যন্ত্ৰপাতি যোগনীয়াৰ প্ৰতিষ্ঠানে ক্ষেত্ৰ পৰিদৰ্শন কৰি প্ৰকল্প স্থাপন সন্দৰ্ভত আনুষ্ঠানিকভাৱে দাখিল কৰিবলগীয়া আবেদনৰ অনুমোদিত সবিশেষ তথ্য উল্লেখ কৰি জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত জমা দিব। এনে আবেদনসমূহ জিলা পৰ্যায়ৰ এক বিশেষ সমিতিয়ে চালি-জাৰি চাই চূড়ান্ত অনুমোদনৰ পোষকতা কৰিলে সেই আবেদন ৰাজ্যিক মুখ্য কাৰ্যালয়লৈ প্ৰেৰণ কৰে জিলা কৃষি বিষয়াৰ কাৰ্যালয়ে। ৰাজ্যিক মুখ্য কাৰ্যালয়ত এইসমূহ আবেদনৰ পুনৰীক্ষণ কৰা হয় আৰু উপযুক্ত বিবেচিত হলে সংশ্লিষ্ট প্ৰতিষ্ঠান অথবা আবেদনকাৰী কৃষকবৃন্দলৈ কাম আগবঢ়াই নিয়াৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা প্ৰেৰণ কৰা হয়। যদি এই নিৰ্দেশনা সংশ্লিষ্ট প্ৰতিষ্ঠানে লাভ কৰে তেন্তে তেনে প্ৰতিষ্ঠানে আবেদনকাৰী কৃষকবৃন্দৰ পৰা তেওঁলোকৰ অংশৰ ধন সংগ্ৰহ কৰি নিৰ্দ্ধাৰিত স্থানত প্ৰকল্পৰ কাম আগবঢ়োৱাৰ লগতে ৰাজসাহায্য বিচাৰি জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ জৰিয়তে চৰকাৰৰ ওচৰত দাবী উত্থাপনৰ যাৱতীয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব। ইয়াৰ বিপৰীতে যদি আবেদনকাৰী কৃষকবৃন্দই কাম আগুৱাই নিয়াৰ নিৰ্দেশনা লাভ কৰে তেন্তে তেনে ক্ষেত্ৰত সংশ্লিষ্টসকলে পঞ্জীয়নভুক্ত প্ৰতিষ্ঠানৰ সহযোগত প্ৰকল্প স্থাপনৰ কাম আগুৱাই নিব আৰু নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পৰৱৰ্ত্তী পৰ্যায়ত জিলা কৃষি বিষয়াৰ জৰিয়তে ৰাজসাহায্য প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব।