মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়

কাৰ্য্যাৱলী আৰু উদ্দেশ্য

কাৰ্য্যাৱলী

(১) উদ্যানশস্য ক্ষেত্ৰৰ দ্ৰুত বৃদ্ধি অৰ্জনৰ লক্ষ্যৰে নীতি আৰু কাৰ্য্যসূচী প্ৰণয়ন আৰু ৰূপায়ন কৰা।

(২) প্ৰযুক্তিৰ হস্তান্তকৰণৰ মাধ্যমেৰে উদ্যানশস্যৰ উত্পাদন আৰু উত্পাদনশীলতা বৃদ্ধিৰ কাৰণে আচ্ছাদিত ক্ষেত্ৰৰ বৃদ্ধি নিশ্চিত কৰা।

(৩) গুণগত ৰোপন উপকৰণৰ সময়মতে আৰু পৰ্যাপ্ত সৰবৰাহ নিশ্চিত কৰাৰ কাৰণে সকলো সাম্ভাব্য ব্যৱস্থা প্ৰদান কৰা।

(৪) কৃষকসকলক ৰসায়নিক সাৰৰ প্ৰয়োগ কম কৰাৰ কাৰণে উত্সাহিত কৰা যাতে একীভূত কীট ব্যৱস্থাপনা অনুশীলন আৰু জৈৱিক কৃষি পদ্ধতি গ্ৰহণৰ জৰিয়তে পৰিৱেশগত প্ৰদূষন নিয়ন্ত্ৰণ কৰিব পৰা যায়।

(৫) বিপদ উপশম কাৰ্য্যসূচীৰ ৰূপায়ন কৰা।

উদ্দেশ্য

(১) ফলৰ শস্যসমূহৰ উত্পাদন আৰু উত্পাদনশীলতা বৃদ্ধি কৰা।

(২) শাক-পাচলিৰ শস্যসমূহৰ উত্পাদন আৰু উত্পাদনশীলতা বৃদ্ধি কৰা।

(৩) মচলাৰ শস্যসমূহৰ উত্পাদন আৰু উত্পাদনশীলতা বৃদ্ধি কৰা।

(৪) গুণগত ৰোপণ উপকৰণৰ কাৰণে সাৰ্বজনীন আৰু ব্যক্তিগত উভয় ক্ষেত্ৰতে নাৰ্চাৰী স্থাপন কৰা।

(৫) পৰীক্ষাগাৰৰ পৰা ভূমিলৈ প্ৰযুক্তি হস্তান্তৰ কৰা।

(৬) ভূমিৰ ভাল স্বাস্থ্য নিশ্চিত কৰা।

(৭) বজাৰ আৰু বিপণনৰ সুবিধা বৃদ্ধি কৰা।

(৮) পৰ্য্যবেক্ষণ আৰু নিৰীক্ষণৰ জৰিয়তে আঁচনিসমূহৰ সময়মতে ৰূপায়ন হৈছে নে নাই তাক নিশ্চিত কৰা।

(৯) আৰ.ডি.এফ. ব্যৱস্থাৰ ফলদায়ক কাৰ্যকৰী কৰা।

(১০) বিভাগৰ আভ্যন্তৰীণ দক্ষতা/ উত্তৰদায়িত্ব/ সেৱা প্ৰদান ব্যৱস্থাৰ উন্নতি কৰা।