উদ্যান শস্য খণ্ডই অসমত নিম্নোল্লেখিত শস্য আৰু কাৰ্যাৱলীৰ সৈতে জড়িত হৈ আছে-
১. ফলমূল
২. শাক-পাচলি
৩. মচলা
৪. ফুল
৫. আলু
৬. পিঁয়াজ
৭. ঔষধী আৰু সুগন্ধিযুক্ত আৰু
৮. কাঠফুলাৰ খেতি
এইবোৰৰ উপৰিও ৰাজ্যখনত উদ্যান শস্যই মৌ-পালন, খাদ্য সংসাধন, ক্ষুদ্ৰ জনসিঞ্চন আৰু শস্য চপোৱাৰ পিছৰ প্ৰৱন্ধন যেনে- শীতলীকৰণ ব্যৱস্থাৰ উন্নয়ন আদিৰ সৈতে ওতঃ প্ৰোতঃ ভাবে কাম কৰে।
ৰাজ্য খনৰ কৃষিৰ উন্নয়নৰ ক্ষেত্ৰত উদ্যান শস্যৰ ক্ষেত্ৰৰ উন্নয়নে প্ৰকৃত অৱদান প্ৰদান কৰি আহিছে। ২০১৪-১৫ বৰ্ষত ৰাজ্য খনত উদ্যান শস্য ক্ষেত্ৰৰ ৭.৬ শতাংশ বৃদ্ধি পৰিলক্ষিত হয়, যি ২০১৩-১৪ বৰ্ষৰ ৬.৬ শতাংশতকৈ অধিক।