মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়

এইচ এম আই ই এইচ আঁচনিৰ লাভ কেনেকৈ উপলব্ধ হব ?

এইচ এম আই ই এইচ আঁচনিৰ লাভ কেনেকৈ উপলব্ধ হব ?

উত্তৰ-পূব আৰু হিমালয় অঞ্চলৰ ৰাজ্যসমূহৰ বাবে উত্পাদিত উদ্যান শস্য অভিযান (চমুকৈএইচ এম আই ই এইচ) শীৰ্ষক আঁচনিখনৰ সা-সুবিধাসমূহ আদায় কৰিবলৈ হলে হিতাধিকাৰী কৃষকসকলে নিজ জিলাৰ কৃষি বিষয়া অথবা স্থানীয় কৃষি সম্প্ৰসাৰণ বিষয়াগৰাকীৰ কাষ চাপিব লাগিব। কৃষকসকলে অৱশ্যে সংহত উদ্যানশস্য সম্প্ৰসাৰণ অভিযান আঁচনিৰ বিভিন্ন প্ৰভাগসমূহৰ সা-সুবিধাসমূহ বিচাৰি স্থানীয় কৃষি বিষয়াগৰাকীৰ জৰিয়তে জিলা কৃষি বিষয়াগৰাকীলৈ পোনপটীয়াভাৱেও আবেদন কৰিব পাৰে। ইফালে শীতলীকৃত কক্ষ, ফল পকোৱা কক্ষ, শীতলীকৃত কোঠা, গ্ৰামীণ বজাৰ, খুচুৰা বিপণী আদিৰ দৰে বিশেষ গোট বিচাৰি আবেদনকাৰীসকলে www.rortnet.gov.in ৱেবছাইটৰ জৰিয়তে অনলাইন আবেদন কৰি সেই আবেদনৰ প্ৰতিলিপি জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত দাখিলো কৰিব পাৰে।

ক্ষুদ্ৰ জলসিঞ্চন আঁচনিৰ সুযোগনো কেনেকৈ উপলব্ধ কৰিব পাৰি ?

কৃষকৰ পথাৰত ক্ষুদ্ৰ জলসিঞ্চন (নিগৰা/সিঁচা) প্ৰকল্প স্থাপনৰ বাবে ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ৯০:১০ অংশীদাৰিত্বৰে ৫০ শতাংশ চৰকাৰী সহযোগিতা পুঁজি আগবঢ়োৱাৰ ব্যৱস্থা আছে। এনে প্ৰকল্প স্থাপন কৰিব খোজা যিকোনো কৃষকে সংশ্লিষ্ট জিলাৰ জিলা কৃষি বিষয়াগৰাকীৰ ওচৰত প্ৰস্তাৱিত প্ৰকল্পৰ সহযোগিতা পুঁজি বিচাৰি আবেদন তথ্যৰ বাবে ইচ্ছুক আবেদনকাৰীসকলে  www.pmksy.gov.in ৱেবছাইটৰ তথ্যাৱলীতো চকু ফুৰাব পাৰে।