মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়

সাফল্যৰ কাহিনী

কামৰূপ জিলাৰ উদ্যানশস্যৰ অধীনৰকেপচিকাম খেতিৰ সাফল্যৰ কাহিনী (বৰ্ষ ২০১৪-১৫ আৰু ২০১৫-১৬)

২০১৪-১৫ আৰু ২০১৫-১৬ বৰ্ষৰ সময়ছোৱাত কামৰূপ জিলাৰ কমলপুৰ চক্ৰৰ অন্তৰ্গত সুন্দৰিচাল গাঁৱৰ পূৰ্ণৰাম কলিতাৰ পুত্ৰ ৩০ বছৰীয়া শ্ৰী ৰমেন কলিতাই তেওঁৰ ৫ বিঘা মাটিত কেপচকামৰ খেতি কৰে। এই খেতিৰ পৰা শ্ৰীকলিতাই সেই বছৰত ১.৫ লাখ টকা অৰ্জন কৰিবলৈ সক্ষম হয়। তেওঁ ইয়াৰ দ্বাৰা উত্সাহিত হৈ শ্ৰীকলিতাই এতিয়া বিস্তৃত ভূমিত কেপচিকামৰ খেতি কৰিবলৈ সিদ্ধান্ত লৈছে। আনহাতে কলিতাৰ এই সাফল্যই স্থানীয় বহুতো কৃষকক উত্সাহিত কৰিছে আৰু তেওঁলোকেও কেপচিকামৰ খেতি কৰিবলৈ আগবাঢ়ি আহিছে।

 

কামৰূপ জিলাৰ অন্তৰ্গত উদ্যানশস্যৰ অধীনত ২০১৪-১৫ আৰু ২০১৫-১৬ বৰ্ষত ফুলৰ খেতিৰ সাফল্যৰ কাহিনী

কামৰূপ জিলাৰ গেৰুৱা কৃষি চক্ৰৰ অন্তৰ্গত কুলহাটী গাঁৱৰ স্বৰ্গীয় লক্ষী দাসৰ পুত্ৰ শ্ৰীপ্ৰভাত দাসে (৪০ বছৰ) তেওঁৰ ১২ বিঘা মাটিত ভিন্ন ধৰণৰ ফুলৰ খেতি কৰে, যেনে- (১) গ্লভিয়াছ, (২) টিউব গোলাপ, (৩) টিচ্যু জাৰবেৰা, (৪) ৰঙা জাৰবেৰা ২০১৪-১৫ আৰু ২০১৫-১৬ বৰ্ষত বৃহত্তৰ গুৱাহাটী অঞ্চলৰ পাইকাৰী আৰু খুচুৰা ব্যৱসায়ীসকলক ফুল যোগান ধৰি প্ৰায় ১.৫ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়। ইয়াৰ পূৰ্বে প্ৰভাত দাসে একেখিনি মাটিতে অন্য শস্যৰ খেতি কৰিছিল যদিও অধিক উপাৰ্জন কৰিবলৈ সক্ষম হোৱা নাছিল। সেয়েহে উদ্যান শস্যৰ এই সাফল্যত সন্তুষ্টি প্ৰকাশ কৰি শ্ৰীদাসে ফুলৰ খেতি সম্প্ৰসাৰিত কৰিবলৈ সিদ্ধান্ত লৈছে। উল্লেখযোগ্য যে শ্ৰীদাস এগৰাকী শিক্ষিত যুৱক আৰু তেওঁৰ শিক্ষাগত অৰ্হতা স্নাতক (কলা)।

 

কৃষক উত্পাদক কোম্পানী এক সাফল্য কাহিনী

পৃষ্ঠপোষক – উদ্যানশস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়, অসম, খানাপাৰা, গুৱাহাটী-২২

২০১৫-১৬ বৰ্ষত আৰ.কে.ভি.ৱাই. আঁচনিৰ অধীনত আৰু ৰাজ্যৰ উদ্যানশস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ৰ প্ৰত্যক্ষ সহযোগত আৰু চৰকাৰী নীতি-নিৰ্দেশনা অনুসৰি ৰাজ্যখনত ১০টা কৃক উত্পাদক কোমপানী পঞ্জীয়নভুক্ত হয় আৰু সেই তেতিয়াৰ পৰা কোম্পানীসমূহে নিজ নিজ ক্ষেত্ৰত দক্ষতাৰে কাৰ্য সম্পাদন কৰি আহিছে। তাৰ ভিতৰত দুটা কোম্পানী ক্ৰমে জিৰচোং এগ্ৰো প্ৰডিউচাৰ কোম্পানী লিমিটেড, ডিফু আৰু আমলিঘাট বানানা প্ৰডিউচাৰ কোম্পানী লিমিটেড, মৰিগাঁৱে কৃষক উত্পাদক কোম্পানী হিচাপে পঞ্জীয়নভুক্ত হোৱাৰ মাথো সাত মাহৰ ভিতৰতে উল্লেখযোগ্য সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

আমনিঘাট বানানা প্ৰডিউচাৰ কোম্পানী লিমিটেডে আৰু জিৰাচোং এটা প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ মুঠ অংশীদাৰিত্বকাৰীৰ সংখ্যা হৈছে ক্ৰমে ৭০০ আৰু ৬০০গৰাকী আৰু দুয়োটা কোম্পানীয়ে অনাগত এমাহৰ ভিতৰত এই সংখ্যা ১০০০লৈ বৃদ্ধি কৰিব পাৰিব বুলি বিশ্বাসী।

২০১৬-১৭ বৰ্ষৰ নৱেম্বৰ মাহত কৃষক উত্পাদক গোট হিচাপে পঞ্জীয়নভূক্ত হোৱাৰ মাথো তিনিটা মাহৰ ভিতৰতে অৰ্থাত্ মাৰ্চ, ২০১৭ চনত ডিৰচোং এগ্ৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডে তেওঁলোকৰ উত্পাদিত আদা বিক্ৰী কৰি লাভ কৰা ৫৪ লাখ টকা। পঞ্জীয়নৰ মাথো তিনিটা মাহৰ ভিতৰতে এনে সাফল্যৰে কোম্পানীয়ে অভিলেখ গঢ়িবলৈ সক্ষম হয়। এই সাফল্য অন্য দিশতো প্ৰশংসনীয় যিহেতুকে কাৰ্বি আংলং জিলাৰ আদা খেতিয়কসকলে তেওঁলোকৰ উত্পাদিত আদাসমূহ উত্পাদন থলীৰ পৰা বজাৰলৈ নিয়াৰ ক্ষেত্ৰত বহুতো সমস্যাৰ সন্মুখীন হবলগীয়া হয়। চৰকাৰৰ পৰা সকলো দিশতে সহায় সহযোগিতাৰে আৰু উদ্যানশস্যৰ সঞ্চালকালয়ৰ প্ৰত্যক্ষ নিৰ্দেশনাত অনাগত বৰ্ষসমূহত এই কোম্পানীয়ে নিজকে সফল কৃষক উত্পাদক কোম্পানী হিচাপে গঢ়ি তুলিবলৈ সক্ষম হব বুলি আমি আশাবাদী।

আনহাতে, আমনিঘাট বানানা প্ৰডিউচাৰ কোম্পানী লিমিটেডেও এন.পি.চি. হিচাপে পঞ্জীয়নভুক্ত হোৱাৰ মাথো তিনিটা মাহৰ ভিতৰতে সাফল্য অৰ্জন কৰিবলৈ সক্ষম হয়। এই কোম্পানীটোৱে স্থানীয় কৃষকসকলৰ মাজত উন্নত উত্পাদনৰ ক্ষেত্ৰত আৰু কাৰ্বাইডমুক্ত কল উত্পাদনৰ বাবে স্থানীয় কৃষকসকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ উপৰিও এক সামাজিক সচেতনতা আনিবলৈ সক্ষম হৈছে। তেওঁলোকে ইতিমধ্যে কোম্পানীৰ এটি কাৰ্যালয় স্থাপন কৰিছে আৰু ফাৰ্ম গেট অঞ্চলত প্ৰাথমিক সংসাধন গোট স্থাপনৰ যো-জা চলাইছে। তাৰোপৰি গুৱাহাটীৰ খুচুৰা বজাৰত কাৰ্বাইডমুক্ত কল বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে। এই কোম্পানীটোৱে ২০১৭ বৰ্ষৰ ভিতৰত কলৰ খেতিৰ উত্পাদন বৃদ্ধি কৰি বজাৰত উপলব্ধ কৰিবলৈ বিসেষ প্ৰস্তুতি লৈছে।

 

 

 

 

স্কোৱাচ উত্পাদনৰ সাফল্যৰ কাহিনী

লোচ কৃষি চক্ৰৰ অন্তৰ্গত বেহবাৰী গাঁৱৰ ওমৰ আলীৰ পত্নী ৪৫ বছৰীয়া মনোৱাৰা বিবিয়ে তেওঁৰ এবিঘা মাটিত পৰীক্ষামূলকভাৱে স্কোৱাচৰ খেতি কৰে। তেওঁৰ অঞ্চলত স্কোৱাচৰ খেতি আছিল এয়াই প্ৰথম। বছৰৰ শেষত ৰঙিয়াৰ পাইকাৰী বজাৰত তেওঁৰ দ্বাৰা উত্পাদিত স্কোৱাচৰ বিক্ৰী কৰি লাভ কৰে ৭০ হাজাৰ টকা। স্কোৱাচৰ খেতিত তেওঁৰ ব্যয় হৈছিল মাত্ৰ ২০ হাজাৰ টকা। তেওঁৰ এই সাফল্যত উত্সাহিত হৈ মনোৱাৰা বিবিয়ে আগন্তুক দিনত স্কোৱাচৰ খেতি এবিঘাৰ পৰা পাঁচবিঘা কৃষিভূমিত কৰাৰ পৰিকল্পনা কৰিছে। মনোৱাৰা বিবিৰ দ্বাৰা অনুপ্ৰাণিত হৈ অঞ্চলটোৰ ৩-৪ গৰাকী কৃষকেও স্কোৱাচৰ খেতি কৰিবলৈ আগবাঢ়ি আহিছে।

 

ষ্ট্ৰবেৰি খেতিৰ সাফল্যৰ কাহিনী (কামৰূপ জিলা)

উদ্যান শস্য আঁচনি ২০১৫-১৬ৰ অধীনত কামৰূপ জিলাৰ বকো অঞ্চলৰ বৰগাঁও কৃষি চক্ৰৰ অন্তৰ্গত ভোগদাবাৰী গাঁৱৰ খেতিয়ক নিমাই বড়োৰ পুত্ৰ শ্ৰীকৃষ্ণকান্ত বড়োৱে তেওঁৰ ১ হেক্টৰ কৃষিভূমিত ষ্ট্ৰবেৰী খেতি কৰি বাৰ্ষিক ১৫ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ দ্বাৰা নজীৰ স্থাপন কৰিছে।

আন এগৰাকী শিক্ষিত মহিলা, কামৰূপ জিলাৰ নগৰবেৰা গাঁৱৰ জ্ঞানেন্দ্ৰ পাঠকৰ পত্নী গীতু ভাগৱতী পাঠকে তেওঁৰ ১.৫ হেক্টৰ কৃষি ভূমিত ষ্ট্ৰবেৰীৰ খেতিৰে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। শ্ৰীমতী গীতু ভাগৱতী এগৰাকী স্নাতকোত্তৰ ডিগ্ৰীধাৰী মহিলা। তেখেতৰ ষ্ট্ৰবেৰী খেতিৰ প্ৰতি আকৰ্ষিত হৈ আৰু ইয়াৰ দ্বাৰা হোৱা উপাৰ্জনৰ প্ৰতি উত্সাহিত হৈ সেই অঞ্চলৰ কেইবাগৰাকীও কৃষকে ষ্ট্ৰবেৰীৰ খেতি কৰিবলৈ আগবাঢ়ি আহিছে। এতিয়া ষ্ট্ৰবেৰী খেতিৰ দ্বাৰা উপাৰ্জিত ধনেৰে শ্ৰীমতী গীতু ভাগৱতী আৰু শ্ৰী কৃষ্ণকান্ত বড়োৱে যুটীয়াভাৱে প্ৰায় ২০ বিঘা কৃষি ভূমিত অমিতা খেতি কৰিবলৈ লৈছে। তেওঁলোকৰ এই প্ৰচেষ্টাত অঞ্চলটোৰ আন পাঁচগৰাকী কৃষকেও সহায় আগবঢ়াইছে।

 

ভি. টাইপ স্বয়ংক্ৰিয় ৰাজহুৱা খণ্ডৰ নাৰ্চাৰী সঞ্চালকালয় চৌহদ, উলুবাৰী, গুৱাহাটী

অসমত এতিয়াও বৰ্ণশংকৰ প্ৰজাতিৰ শাক-পাচলিৰ চাহিদা বৃদ্ধি পোৱা নাই। ইয়াৰ কাৰণ হৈছে স্থানীয়ভাৱে উপলব্ধ শাক-পাচলিৰ বজাৰত থকা চাহিদা। এই অৱস্থা যে কেৱল মাত্ৰ অসমতে এনে নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে বৰ্ণশংকৰী অধিক উত্পাদনশীল শাক-পাচলিৰ চাহিদা বিচৰা ধৰণে বৃদ্ধি পোৱা নাই। সেয়েহে ইয়াত বৰ্ণশংকৰী অধিক উত্পাদনসক্ষম আৰু ৰোগ প্ৰতিৰোধী ক্ষমতাসম্পন্ন শস্যৰ খেতিত উদগণি যোগোৱাৰ প্ৰয়োজনীয়তা আছে। বৰ্ণশংকৰী প্ৰজাতিসমূহৰ পৰা অতি সোনকালে কম খৰচতে, বেঙেন, জলকীয়া, তিয়হ, তৰমুজ, বন্ধাকবি, ফুলকবি ইত্যাদিৰ বৰ্ণশংকৰ শস্যসমূহ গ্ৰাহকে গ্ৰহণ কৰিছে আৰু ইয়াৰ চাহিদা অনুসৰি এই শস্যৰ বীজ যদি কৃষকসকলক যোগান ধৰিব পৰা যায় তেন্তে ইয়াৰ দ্বাৰা আমাৰ কৃষকসকলে যথেষ্ট উত্পাদন কৰিবলৈ সক্ষম হব।

এই উদ্দেশ্য আগত ৰাখিয়েই অসম চৰকাৰৰ উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীৰ উলুবাৰীস্থিত কৃষি চৌহদত এখন ভি-টাইপ, স্বয়ংক্ৰিয় নাৰ্চাৰী স্থাপন কৰা হৈছে যত বিভিন্ন শস্যৰ উন্নত আৰু বৰ্ণশংকৰ সঁচ প্ৰস্তুত কৰা হয়, যাতে কৃষকসকলক এইসমূহ যোগান ধৰিব পৰা যায়। এই গোটটোৱে অতি সুন্দৰভাৱে ইয়াৰ কাৰ্য সম্পাদন কৰি আহিছে আৰু কৃষকৰ চাহিদা পূৰণ কৰিবলৈ সক্ষম হৈছে।