মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়

বতৰৰ পূৰ্বানুমান

বতৰ আৰু জলবায়ু, প্ৰাকৃতিক পৰিবেশৰ দুটা অতি গুৰুত্বপূৰ্ণ সত্বা যিয়ে প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে আমাৰ কাৰ্যকলাপৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে।

বতৰ আৰু জলবায়ুৰ মাজত পাৰ্থক্য

বতৰ বুলি কলে কোনো বাতাৰণৰ সাময়িক পৰিৱৰ্তনক বুজা যায় আনহাতে, কোনো বাতাবৰণৰ চাৰিত্ৰিক বৈশিষ্ট্যক জলবায়ু বুলি কোৱা হয়। বতৰ বুলি কলে কোনো বাতাবৰণৰ কিছু সময়ৰ বাবে শীত তাপ জলীয় বাষ্প, বায়ু চলন, জলবায়ুৰ চাপ, উষ্ণতা, আদ্ৰতা, বৃষ্টিপাতৰ পৰিমাণ, ডাৱৰ, বতাহ আদিকে বুজা যায়।

আনহাতে, জলবায়ু বুলি কলে কোনো অঞ্চলৰ বৃষ্টিপাতৰ গড় পৰিমাণ, তাপমাত্ৰা, আদ্ৰতা, ৰদ, বায়ুৰ গতিবেগ, কুঁৱলী, তুষাৰপাত, শিলাবৃষ্টি আৰু অন্যান্য বতৰ সংক্ৰান্তীয় পৰিস্থিতিকে বুজা যায়, যি অঞ্চলটোত এক দীঘলীয়া পৰিক্ৰমাৰ অন্তত সৃষ্টি হয়।

কৃষি আৰু উদ্যানশস্যৰ ক্ষেত্ৰত বতৰ আৰু জলবায়ুৰ গুৰুত্ব

কৃষিৰ বায়ু বিজ্ঞান সন্দৰ্ভত প্ৰয়োজনীয় জ্ঞানে উদ্যানশস্য আৰু কৃষি কৰ্মৰ সৈতে জড়িত ব্যক্তিসকলক বিশেষভাৱে সহায় কৰে, সেয়েহে ইয়াৰ গুৰুত্ব অধিক। কৃষি বতৰ বিজ্ঞান সন্দৰ্ভত প্ৰয়োজনীয় তথ্যপাতি সম্পৰ্কে অৱহত হৈ থাকিলে কোনো কৃষকে তেওঁৰ উত্পাদন পৰিকল্পনা প্ৰস্তুত কৰিব পাৰে। বতৰৰ পূৰ্বানুমান সেয়েহে কৃষকৰ বাবে বৰ প্ৰয়োজনীয় বিষয়-

১. ই শস্য ৰোপণ আৰু পৰিকল্পনাত সহায় কৰে।

২. ইয়াৰ ফলত কৃষকসকলে সময়োপযোগী সিদ্ধান্ত লবলৈ সক্ষম হয়।

৩. তাৰোপৰি ই কৃষিকৰ্মত ভিন ভিন ধৰণে সহায় কৰে, যেনে-

৪. কৃষিত জলসিঞ্চনৰ বযৱস্থা কৰিব নে নকৰে।

৫. শস্য চপোৱাৰ কামৰ আৰম্ভণি কৰিব নে নকৰে।

৬. কৃষিত সাৰৰ প্ৰয়োগ কেতিয়া কৰিব বা নকৰে।

৭. ই তুষাৰ অঞ্চলত কৃষি কৰ্ম কৰা খেতিয়কসকলক শস্য তুষাৰপাতত বিনষ্ট নোহোৱাকৈ ৰখাত সহায় কৰে।

৮. কৃষি শস্যৰ মজুতকৰণ আৰু পৰিবহনৰ ক্ষেত্ৰতো সহায়ক হয়।

৯. কৃষি কৰ্মৰ সৈতে জড়িত আন আন কাম যেনে- হাল বোৱা ইত্যাদি সম্পন্ন কৰাটো সহায়ক হয়।

১০. ই পশুধনক সুৰক্ষা দিয়াটো সহায়ক হয়।

বতৰৰ মানদণ্ডসমূহ আৰু ইয়াৰ প্ৰভাৱ-

  • কোনো শস্যৰ সফলতা আৰু বিফলতা নিৰ্ভৰ কৰে জলবায়ুৰ ওপৰত
  • সকলো কৃষি জড়িত কাৰ্য যেনে- শস্য ৰোপণৰ পৰা চপোৱা ইত্যাদি সম্পূৰ্ণ ৰূপে নিৰ্ভৰ কৰে বতৰৰ ওপৰত।
  • এফালে যত কোনো অঞ্চলৰ জলবায়ুৱে সেই অঞ্চলত কোনো শস্যৰ উপযোগী হয় নে নহয় তাক নিৰূপণ কৰে, আনফালে, আকৌ কোনো অঞ্চলত কোনো শস্যৰ উত্পাদনৰ পৰিমাপ নিৰ্ভৰ কৰে সেই অঞ্চলৰ বতৰৰ ওপৰত।
  • বতৰ আৰু জলবায়ুৰ ভিন্ন উপাদানে সময়ে সময়ে কোনো শস্যৰ বিকাশ, উন্নয়ন আৰু শস্যৰ উত্পাদনত প্ৰভাৱ পেলায়।
  • বতৰ বা জলবায়ুৰ প্ৰভাৱসমূহ নিৰ্দ্ধাৰণ কৰাটো জটিল যিহেতুকে জলবায়ু আৰু বতৰে একে সময়তে প্ৰকৃতিৰ সৈতে ক্ৰিয়া কৰে।
  • পৰিবেশৰ জটিলতাৰ বাবে কোনো শস্য উত্পাদনৰ বাবে প্ৰয়োজনীয় জলবায়ুৰ চৰ্তসমূহ নিৰ্ধাৰণ অথবা ঠাৱৰ কৰাটো সহজসাধ্য নহয়।

বতৰৰ মানদণ্ডসমূহৰ ঋণাত্মক প্ৰভাৱ-

  • প্ৰৱল আৰু প্ৰচুৰ আবতৰীয়া বৰষুণ
  • অপৰ্যাপ্ত বৰষুণ আৰু দীঘলীয়া শুষ্ক ভূমি
  • শীত আৰু গ্ৰীষ্মৰ প্ৰভাৱ
  • শিলাবৰ্ষণ, বিজুলী ঢেৰেকণী আৰু ধুলিৰ ধুমুহা
  • বতাহৰ তীব্ৰ বেগ
  • বানপানী

পৰিৱৰ্তনকামী বতৰ আৰু শস্য উত্পাদনত ইয়াৰ ধনাত্মক আৰু ঋণাত্মক প্ৰভাৱ

  • সৌৰ বিকিৰণ
  • তাপমাত্ৰা
  • আদ্ৰতা
  • বতাহ
  • তুষাৰপাত

বতৰ নিয়ন্ত্ৰণ কৰা কাৰকসমূহ

বতৰ আৰু জলবায়ু নিয়ন্ত্ৰণ কৰা ভৌগোলিক কাৰকসমূহক বতৰ নিয়ন্ত্ৰক বুলি কোৱা হয়-

  • অক্ষাংশ
  • উচ্চতা
  • ভূমি আৰু পানী
  • পাহাৰ পৰ্বত
  • ভূ-ৰেখাংকন

বিষুৱ ৰেখাৰ পৰা যিমানেই উত্তৰ বা দক্ষিণলৈ যোৱা হয় সিমানেই কোনো অঞ্চলৰ জলবায়ু পৰিৱৰ্তন হোৱা পৰিলক্ষিত হয়। অক্ষাংশৰ ওপৰত নিৰ্ভৰ কৰিয়েই কোনো অঞ্চলৰ জলবায়ু ক্ৰান্তীয় হবনে, উপক্ৰান্তীয়, তাপমাত্ৰা আৰু মেৰু প্ৰাদশীয় হব সেয়া নিৰ্ভৰ কৰে। তাৰোপৰি কোনো অঞ্চলৰ ভৌগোলিক অৱস্থাত সমুদ্ৰপৃষ্ঠৰ পৰা কিমান আঁতৰত তাৰ ওপৰতো কোনো অঞ্চলৰ জলবায়ু ভিন্ন হোৱা দেখা যায়। সমুদ্ৰপৃষ্ঠৰ পৰা উচ্চতা বৃদ্ধিৰ লগে লগে কোনো অঞ্চলৰ উষ্ণতা আৰু জলবায়ুৰ চাপ কম-বেছি হয়। উচ্চতা অনুসৰি কোনো অঞ্চলৰ জলবায়ু পাহাৰীয়া অথবা উপকূলীয় হোৱা দেখা যায়। কোনো বিশাল জলাশয়ৰ উপস্থিতিয়েও কোনো অঞ্চলৰ জলবায়ু নিৰ্ভৰ কৰে। জলবায়ু বুলিলে আমি সাধাৰণতে মহাদেশীয় আৰু সামুদ্ৰিক জলবায়ুকে বুজো।

বতৰ আৰু জলবায়ু সংক্ৰান্তীয় কোনো তথ্যপাতিৰ বাবে নিম্লোল্লেখিত ৱেবছাইটসমূহ চাব পাৰে-

www.imd.gov.in/

www.imdguwahati.gov.in/

www.indiaweather.gov.in/

www.weathertab.org/

www.weather.com/en-IN

www.timeanddate.com/weather/india/