মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়

বিপনন

উদ্যান শস্যৰ বিপননঃ

সহজ ভাষাত ক্ৰয়-বিক্ৰয়ৰ ব্যৱসায়িক লেন-দেনৰ এক প্ৰক্ৰিয়া হৈছে বিপনন। যদিও ইমান সহজ নহয়। উদ্যান শস্য বুলিলে আমি ফলমূল, শাক-পাচলি, পাতজাতীয় উদ্ভিদ ইত্যাদিকে বুজা যায়। উদ্যান শস্য সমূহ উতপাদন থলীৰ পৰা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে বাচি কঢ়িয়াই আনি, ইয়াৰ মূল্যাংকন কৰি, পেকেজিং আৰু পিছত মজুত কৰাৰ পিছত গ্ৰাহকলৈ পঠিওৱা হয়। এই সমস্ত বিপনন প্ৰক্ৰিয়াত কেইবাটিও গুৰুত্বপূৰ্ণ কথা যেনে-উতপাদন প্ৰক্ৰিয়া, পৰিকল্পনা বজাৰৰ অধ্যায়ন, লেন-দেন আৰু বজাৰ পৰিচালনা, প্ৰশাসনীয় কথা-বতৰা, প্ৰশিক্ষনৰ ব্যৱস্থা কৰা ইত্যাদিৰ লগতে বিপনন সন্দৰ্ভত গৱেষণা কৰা আদি বিষয় সংযোজিত হৈ আছে।

সমগ্ৰ বিশ্বতে উদ্যান শস্যৰ গুৰুত্ব দিনে দিনে বৃদ্ধি পাব ধৰিছে। সেয়েহে অসমতো ইয়াৰ গুৰুত্ব বৃদ্ধি পাইছে। উদ্যান শস্যৰ নিজস্ব স্বৰ্তৰ বাবে ইয়াৰ বিপনন ইমান সহজ নহয় আৰু প্ৰক্ৰিয়াটো জটিল সংশয়যুক্ত। এই খাদ্যবোৰ যিহেতু সোনকালে নষ্ট হয়, কেৱল মাত্ৰ নিৰ্দিষ্ট ঋতুতহে উত্পাদন হয় আৰু অধিক পৰিমাণে উতপাদন সেয়েহে ইয়াৰ বিপননৰ বাবে সঠিক সময়, স্থানৰ ক্ষেত্ৰতবিশেষ দৃষ্টি দিব লাগে। কাৰণ ইয়াৰ জৰিয়তেহে ইয়াৰ ব্যয় নিৰ্ধাৰন কৰে। আন এটি ডাঙৰ বিপণন সমস্যা হৈছে উদ্যান শস্যৰ আসোঁৱাহযুক্ত বজাৰ গঠন আৰু ইয়াৰ ব্যৱসায়ৰ সৈতে জড়িত থকা ব্যক্তি, সংস্থা অল্পসংখ্যক হোৱাটো। এই দুটা কাৰণতেই উদ্যান শস্যৰ বিপনন প্ৰক্ৰিয়া আৰু ইয়াৰ মূল্য নিৰ্ধাৰন নিৰ্ভৰ কৰে। সেয়েহে উদ্যান শস্যৰ বিপনন প্ৰক্ৰিয়াৰ উন্নতি সাধন কৰিবলৈ হলে এই দুটা দিশৰ ওপৰতবিশেষ গুৰুত্ব প্ৰদান কৰিব লাগিব। এই খাদ্য সমূহৰ দ্ৰুতভাৱে নষ্ট হোৱাৰ বাবে আৰু কেৱল মাত্ৰ ঋতু সাপেক্ষ হোৱাৰ বাবে ইয়াৰ বিপণন প্ৰক্ৰিয়া জটিল হৈ পৰে। তাৰোপৰি এই শস্যসমূহৰ উত্পদন কেন্দ্ৰসমূহ ভিতৰুৱা গ্ৰাম্য অঞ্চল হোৱাৰ বিপৰীতে ইয়াৰ বাণিজ্যিক কেন্দ্ৰসমূহ ইয়াৰ পৰা বহু নিলগত চহৰাঞ্চলত অৱস্থিত। যাৰ ফলতএই শস্যসমূহৰ বাবে উন্নত পেকেজিঙ আৰু ক্ষীপ্ৰ যাতায়ত ব্যৱস্থাৰ প্ৰয়োজন হয়। তাৰোপৰি উদ্যান শস্যৰ ক্ষেত্ৰত আন বহুতো সমস্যাই দেখা দিয়ে। এই শস্যসমূহৰ ক্ষেত্ৰত আওপুৰণি পদ্ধতিৰ বাবে উত্পাদিত শস্যৰ এক বুজন পৰিমাণ (২০-৩০ শতাংশ) নষ্ট  হৈ যায়। তাৰোপৰি এই শস্যসমূহৰ বহু পৰিমাণ খাদ্যশস্য এনেই নষ্ট হৈ যায় আৰু গ্ৰাহকৰ হাতত নপৰেহি আৰু ইয়াৰ নিম্নমানৰ বাবে উচিত মূল্য লাভৰ পৰা বঞ্চিত হয়। কিন্তু এই প্ৰায়খিনি শস্যকে যদি ভালদৰে যত্ন লোৱা হলহেঁতেন অথবা শস্য চপোৱাৰ পাছত আৰু বিপণনৰ ক্ষেত্ৰত উন্নত পদ্ধতিৰ প্ৰয়োগ কৰাহেঁতেন উচিত মূল্য লাভ কৰিবলৈ সক্ষম হব পৰা গলহেঁতেন।

উদ্যান শস্যৰ বিপণন প্ৰণালীসমূহ-

অসমত প্ৰচলিত উদ্যান শস্যৰ বিপণন প্ৰণালীসমূহ হল-

  • উত্পাদক – ফৰৱাৰ্ডিং এজেণ্ট - কমিশ্বনিং এজেণ্ট - খুচুৰা বিক্ৰেতা – গ্ৰাহক
  • উত্পাদক – পাইকাৰী ব্যৱসায় - খুচুৰা বিক্ৰেতা - গ্ৰাহক
  • উত্পাদক – বিপণন একত্ৰিতকৰণত শস্য চপোৱাৰ পূৰ্বৰ ঠিকাদাৰ – বজাৰ বিতৰণৰ কাৰণে কমিশ্বন এজেণ্ট - খুচুৰা বিক্ৰেতা – গ্ৰাহক
  • উত্পাদক –কমিশ্বন এজেণ্ট – পাইকাৰী - খুচুৰা বিক্ৰেতা - গ্ৰাহক

বৰ্তমানৰ বিপণন প্ৰক্ৰিয়াটো পূৰ্বৰে পৰা বণিক গোষ্ঠীৰ দ্বাৰা পৰিচালিত। উত্পাদকসকলক এই ব্যৱস্থাত আটাইতকৈ দুৰ্বল হোৱা পৰিলক্ষিত হয়। যদিও এই ব্যৱস্থা কৃষক অনুকূল নহয়, তথাপিও বজাৰ সম্পৰ্কীয় বুদ্ধিমত্তাৰ অভাৱ, অপৰিকল্পিত প্ৰৱন্ধন আৰু আন্তঃগাঁথনি বৰ্তি আছে।

Downloads
TitleSizeDetail
Agriculture Produce Markets in Assam.pdf243.82 KBswf-image
Marketing Norms of MIDH scheme.pdf148.03 KBswf-image