মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়

মানবিশিষ্ট কৃষিশৈলী

থোৰতে আদৰ্শ কৃষি অভ্যাস

আদৰ্শ কৃষি অভ্যাস বুলিলে মূলতে কেতবোৰ সংহিতা, নিয়মাৱলী আৰু বিনিময়কে বুজা যায় যিবোৰ কৃষি পাম ব্যৱস্থাত প্ৰযোজ্য। ইয়াৰ মূল উদ্দেশ্য হৈছে গ্ৰাহকক সুৰক্ষিত, সুস্বাস্থ্যৰ উন্নত মানৰ খাদ্য অথবা অন্যান্য উত্পাদনৰ যোগান ধৰা।

এনে ব্যৱস্থাই বহনক্ষম কৃষি কৰ্মৰ লগতে পৰিবেশ সুৰক্ষিত কৰা আৰু লগতে জীৱিকাৰ উন্নয়ন সুনিশ্চিত কৰে।

আদৰ্শ কৃষি কৰ্মৰ চাৰিটা লাইখুঁটি

(১) আৰ্থিকভাৱে উদ্গনিমূলক

(২) পৰিৱেশৰ অনুকুল

(৩) সামাজিক গ্ৰহণযোগ্যতা

(৪) খাদ্য সুৰক্ষা আৰু খাদ্য মান

আদৰ্শ কৃষি কৰ্মৰ সম্ভাৱনীয়তা

ইয়াৰ দ্বাৰা খাদ্য সামগ্ৰীৰ মান আৰু খাদ্য সুৰক্ষা ক্ষেত্ৰত সহায়ক হয়। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিনিময়, মান আৰু নিৰ্দেশিকা যেনে- কীটনাশক, অন্যান্য ৰসায়ন সুক্ষ্ম জীৱতাত্বিক, ভৌতিক প্ৰদূষণ প্ৰভৃতিৰ লগত অনিশ্চিত অনিষ্টৰ সম্ভাৱনীয়তা কম কৰে।

এই ব্যৱস্থাই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰিবেশ আৰু সামাজিক উন্নয়নৰ ক্ষেত্ৰত বহনক্ষম কৃষি কৰ্মৰ জৰিয়তে উন্নয়ন সাধনত সহায় কৰে।

উদ্যান শস্যৰ ক্ষেত্ৰত আদৰ্শ কৃষি কৰ্মৰ প্ৰয়োজনীয়তা আৰু প্ৰত্যাহ্বান-

উত্তৰ পূৰ্বাঞ্চলৰ উত্পাদিত উদ্যান শস্যৰ মান উন্নত, সেয়েহে ইয়াৰ ৰপ্তানিৰ ক্ষেত্ৰত প্ৰচুৰ সম্ভাৱনা আছে।

আদৰ্শ কৃষি কৰ্ম সম্পৰ্কে আমাৰ কৃষকসকল অৱগত হোৱাৰ প্ৰয়োজনীতা আছে, যাতে এই ব্যৱস্থাৰ দ্বাৰা তেওঁলোকে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত নিৰ্ধাৰিত মানৰ উত্পাদন দিব পাৰে আৰু ইয়াৰ ফলত ৰপ্তানিৰ ক্ষেত্ৰত সহায়ক হয়।

সেয়েহে এই ক্ষেত্ৰত প্ৰধান প্ৰত্যাহ্বান হৈছে আমাৰ কৃষকসকলক এই আদৰ্শ কৃষি কৰ্মৰ বিষয়ে অৱগত কৰোৱা আৰু তেওংলোকক কাৰিকৰী দিশত ৰপ্তানি কৰিব পৰাকৈ সক্ষম কৰি তোলা। এই ক্ষেত্ৰত অসম চৰকাৰৰ লগতে আন আন ৰাজহুৱা সংস্থাসমূহে উল্লেখযোগ্য ভূমিকা গ্ৰহম কৰিব লাগিব।

Downloads
TitleSizeDetail
General Guidelines on Good Agricultural Practices2.16 MBswf-image
WHO Guideline of GAP for Medicinal Plants.pdf592.37 KBswf-image