জৈৱিক কৃষি হৈছে পৰিবেশ-তন্ত্ৰ অনকূল এক কৃষি পদ্ধতি, যিয়ে ভূমি, পশু-পক্ষী, মানুহৰ লগতে সামগ্ৰিকভাৱে পাৰিপাৰ্শ্বিকতাৰ স্বাস্থ্য-বিধি অক্ষুন্ন ৰখাৰ মন্ত্ৰ সাৰোগত কৰে। জৈৱিক কৃষিৰ উত্পাদিত ফচলসমূহ পুষ্টিযক্ত, নিৰাপদ আৰু ৰাসায়নিক অৱশেষ ৰহিত হয়। ইয়াৰ বিপৰীতে ৰাসায়নিক সাৰ প্ৰয়োগ কৰা কৃষিয়ে মটিৰ উৰ্বৰা নাশ কৰাৰ লগতে পশু-পক্ষী মানুহৰ স্বাস্থ্য তথা পৰিবেশ তন্ত্ৰৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলায়। ধাৰাবাহিকভাৱে মাটিৰ উৰ্বৰা বৃদ্ধিৰ ক্ষেত্ৰত জৈৱিক কৃষি পৰম্পৰা হৈছে অন্যতম উত্তম উপায়। ভূমিৰ উৰ্বৰা দীৰ্ঘসময়ৰ বাবে অক্ষুন্ন থকাৰ ফলত বহু দিন ধৰি ফচল উত্পাদনো সম হাৰতে থকা দেখা যায়। এনে প্ৰেক্ষাপটত অনুকূল শস্য বিধি প্ৰয়োগৰে কৃষকসকলে ফচল উত্পাদনৰ হাৰ অনায়াসে দুগুণলৈ বৃদ্ধি কৰিব পাৰি। জৈৱিক কৃষিৰ উত্পাদিত ফচলৰ সামগ্ৰিক বজাৰত বিশেষ চাহিদা আছে। এনে সামগ্ৰীয়ে সাধাৰণ সামগ্ৰীতকৈ অধিক মূল্য লাভ কৰিবলৈ সক্ষম হোৱা কথাই জৈৱিক কৃষিত মনোনিবেশ কৰা কৃকসকলক অতিৰিক্ত আয়ৰ মুখ দেখুৱায়। অৱশ্যে জৈৱিক পদ্ধতিৰে উত্পাদিত কৃষি সামগ্ৰীয়ে এক প্ৰামাণিকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগে। সাধাৰণ ক্ষেত্ৰত এনে প্ৰমাণ-পত্ৰ লাভ কৰিবলৈ জৈৱিক কৃষি কৰ্মৰ তিনিটা বছৰ অতিক্ৰমনৰ তথ্য নিশ্চিত হব লাগে। এই তিনিটা বৰ্ষক ৰূপান্তৰৰ কাল হিচাপে গণ্য কৰা হয় আৰু ইয়াৰ ফলত এইচোৱা সময়ত সংশ্লিষ্ট কৃষি সামগ্ৰীসমূহ ৰাসায়নিক তথা দ্ৰব্যৰ অৱশিষ্টৰ পৰা মুক্ত হোৱা বুলি ধৰি লোৱা হয়। জৈৱিক কৃষিৰ ক্ষেত্ৰত দুই ধৰণৰ প্ৰামাণিকৰ পদ্ধতিৰ সহায় লোৱা হয়। সেয়া হৈছে- (১) অংশীদাৰিত্বমূলক নিশ্চয়তা পদ্ধতি (পি.জি.এছ.) আৰু (২) তৃতীয় পক্ষৰ প্ৰত্যায়িতকৰণ পদ্ধতি।
দেশৰ অন্যান্য প্ৰগতিশীল ৰাজ্যসমূহৰ তুলনাত অসমৰ পৰায় সকলো অঞ্চলতে ৰাসায়নিক সাৰ প্ৰয়োগৰ হাৰ খুবেই কম অথবা একেবাৰেই নোহোৱা হোৱাৰ পৰিপ্ৰেক্ষিততে আমাৰ ৰাজ্যখনত সামগ্ৰিকভাৱে জৈৱিক কৃষি পদ্ধতিয়েই প্ৰবৰ্ত্তি আছে বুলি মানি লোৱা হৈছে। এনেবোৰ অঞ্চলৰ মাটিত বিভিন্ন ধৰণৰ উদ্যান শস্য উত্পাদন কৰিবলৈ অনায়াসে জৈৱিক কৃষি পদ্ধতি প্ৰয়োগ কৰিব পৰা যায়। ইয়াৰ বিপৰীতে বাণিজ্যিকভাৱে শস্য উত্পাদনত ব্ৰতী হোৱা অঞ্চলৰ কৃষকসকলৰ মানসিকতা সলনি কৰি সম্পূৰ্ণ ৰূপে জৈৱিক কৃষি পদ্ধতি অৱলম্বন কৰিবলৈ উত্সাহিত কৰাটো আক্ষৰিক অৰ্থতে এক কঠিন কাম হোৱাটোৱেই স্বাভাৱিক. ইফালে যিবোৰ অঞ্চলত পৰম্পৰাগতভাবে জৈৱিক পদ্ধতিৰে কৃষি কৰ্ম কৰি আহিছে তেনেবোৰ অঞ্চলত ৰাসায়নিক দ্ৰব্য মুক্ত অঞ্চল হিচাপে চিহ্নিত হোৱাৰ লগতে এনে অঞ্চলৰ গাখীৰ, মঙহ, মাছকে ধৰি খাদ্য দ্ৰব্যসমূহো জৈৱিক বুলি চিহ্নিত হয়।
সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ তিনিখন জৈৱিক কৃষি আঁচনি ৰাজ্যত ৰূপায়িত হৈ আছে। সেয়া হৈছে-
১. পৰম্পৰাগত কৃষি বিকাশ যোজনা (পি.কে.ভি.ওৱাই.)
২. ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা – জৈৱিক (আৰ.কে.ভি.ওৱাই- অৰ্গেনিক)
৩. উত্তৰ পূৰ্বাঞ্চলত জৈৱিক প্ৰমূল্য শৃংখল সম্প্ৰসাৰণ অভিপন্ন (এম.অ.ভি.চি.ডি.-এন.ই.আৰ)