কোনো শস্যৰ উচিত সময়ত চপোৱাৰ পিছত ইয়াক বিভিন্ন প্ৰক্ৰিয়াৰ মাজেদি পাৰ কৰিবলগীয়া হয় যেনে-শস্য শীতলীকৰণ, চাফ-চিকুন কৰা, পৃথকীকৰণ আৰু পেকিং ইত্যাদি। এই প্ৰক্ৰিয়াখিনিক শস্য চপোৱাৰ পিছৰ প্ৰক্ৰিয়া বুলি কোৱা হয়। ফল-মূল আৰু শাক-পাচলিৰ লগতে মূল জাতীয় শস্যসমূহ দ্ৰুত ধ্বংসশীল। এনে শস্যসমূহ গছৰ পৰা ছিঙি অনাৰ লগে লগেই নষ্ট হয়, যাৰ ফলত নিম্নোলিখিত সমস্যা উদ্ভৱ হব পাৰে-
(১) মান নিম্নগীমী হোৱা
(২) শস্যৰ নষ্ট হোৱা
(৩) কীট-পতঙ্গ অথবা ৰোগৰ দ্বাৰা শস্যৰ বিনষ্ট সাধন
(৪) বজাৰত প্ৰয়োজনীয়তাতকৈ অধিক উত্পাদন উপলব্ধ হোৱ
শস্য চপোৱাৰ পিছত সন্মুখীন হোৱা ক্ষয়-ক্ষতিৰ মূল কাৰক সমূহ হল-
(১) শস্য চপোৱাৰ পিছৰ প্ৰক্ৰিয়াসমূহ সম্পৰ্কে অৱগত নোহোৱা আৰু এই প্ৰক্ৰিয়াসমূহ সঠিকভাৱে পালন নকৰা।
(২) অনুচিত উত্পাদন পৰিকল্পনা।
আনহাতে উদ্যান শস্যৰ ক্ষেত্ৰত মূল সংযোজন কৰাৰ অৰ্থ হল- একেখিনি বা সমপৰিমানৰ উত্পাদনৰ পেকেজিঙৰ জৰিয়তে বা অন্যান্য প্ৰক্ৰিয়াৰে ইয়াৰ গুনগত মান উন্নত কৰি আৰু আন আন প্ৰক্ৰিয়াৰ সহায়ত মূল্য-মান বৃদ্বি কৰা। উদাহৰণ স্বৰূপে, ডালিম বা ষ্ট্ৰবেৰীৰ পৰা জাম-জেলী প্ৰস্তুত কৰা।
(১) কৃষকৰ লাভ বৃদ্ধি কৰা।
(২) কৃষকৰ লগতে সমাজৰ আন আন দুৰ্বল শ্ৰেনী যেনে মহিলাসকলৰ বাবে নিয়োগৰ সুবিধা কৰি আৰু গ্ৰাম্য-সমাজক নৱদিশত উজ্জীৱিত কৰি তোলা।
(৩) গ্ৰাহকক ভাল মানৰ সুৰক্ষিত আৰু ব্ৰেণ্ডেড খাদ্য সামগ্ৰী যোগান ধৰা।
(৪) প্ৰাথমিক আৰু দ্বিতীয় পৰ্য্যায়ৰ খাদ্য সংসাধন কৰা।
(৫) শস্য চপোৱাৰ পিছত দেখা দিয়া ক্ষয় ক্ষতিৰ পৰিমান হ্ৰাস কৰা।
(৬) আমদানি কম কৰি ৰপ্তানিৰ ওপৰত গুৰুত্ব আৰোপ কৰা।
(৭) বৈদেশিক মুদ্ৰা ভাণ্ডাৰ বৃদ্ধি কৰা।
(৮) সহায়ক আৰু পৰিপুৰক উদ্যোগ স্থাপনত সহায় কৰা।
(৯) মাৰ্কেটিঙৰ সৈতে জড়িত থকা আৰ্থিক ক্ষতিৰ পৰিমাণ লাঘৱ কৰা।
(১০) ক্ষুদ্ৰ কৃষক আৰু কোম্পানী সমূহৰ উন্নয়নৰ ক্ষেত্ৰত বজাৰ সৃষ্টিৰ জৰিয়তে সহায় কৰা।
(১১) গ্ৰাম্য সম্প্ৰাদায়সমূহৰ আৰ্থিক ভেটিত ভিন্নতা প্ৰদান কৰা।
(১২) সামগ্ৰিকভাৱে কৃষকৰ আৰ্থিক সামৰ্থ বৃদ্ধি কৰা।